September 23, 2024 8:02 PM
বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত হিতাধিকাৰীৰে মত-বিনিময় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে বাছনি হোৱা হিতাধিকাৰীসকলক ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত খাদ্য, ৰাজহুৱা বিতৰণ তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকি হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকক দিহা-পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে লগতে হিতাধিকাৰীসকলক একোজন সফল উদ্যোগী হ'বলৈ শুভেচ্ছা জ্ঞাপন কৰে। গোলঘাট জিলাতো নির্বাচিত তথা পঞ্জীকৃত প্রার্থীসকলক জিলা উদ্যোগ আৰু বাণি...