September 11, 2024 12:02 PM

গ্ৰাম্য গৃহ নিৰ্মাণৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে PMAY-G 2.0 আৰম্ভ

■ অসমত ১৫ ছেপ্টেম্বৰত ১,৭১,৫৯৩ জন হিতাধিকাৰীয়ে লাভ কৰিব গৃহ অনুমোদন ■ দেশৰ গ্ৰাম্য উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে সমগ্ৰ দেশতে অতিৰিক্ত ২ কোটি ঘৰ প্ৰদানৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ আঁচনিখন আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিছে। অহা ১৫ ছেপ্টেম্বৰ তাৰিখে অসমত ১,৭১,৫৯৩ টা নতুন PMAY-G ঘৰে অনুমোদন লাভ কৰাৰ লগতে প্ৰথম কিস্তিৰ ধন লাভ কৰিব। ইয়াৰ লগতে সমগ্ৰ ৰাজ্যতে ১,০৩,৫৭৫ টা সম্পূৰ্ণ হোৱা PMAY- G ঘৰৰ বাবে গৃহপ্ৰৱেশ অনুষ্ঠানৰো আয়োজন কৰা হ’ব। এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বাকী ...

September 7, 2024 6:25 PM

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিমৰীয়া উন্নয়নত খণ্ডত বিভিন্ন আঁচনিসমূহৰ বিষয়ে পর্যালোচনা মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিমৰীয়া উন্নয়নত খণ্ডত বিভাগৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে পর্যালোচনা কৰে। পৰ্যালোচনাকালত মন্ত্ৰীগৰাকীয়ে এই আঁচনিসমূহ সঠিক সময়ত সমাপ্ত কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নির্দেশ প্রদান কৰে। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে।

August 19, 2024 9:12 PM

হাইলাকান্দিৰ কাটলিচেৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি হাইলাকান্দি জিলাৰ কাটলিচেৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয়। প্রধানমন্ত্ৰী আৱাস যোজনা, অমৃত সৰোবৰ আদিকে ধৰি বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে তেওঁ বিষয়াসকলৰ সৈতে মত-বিনিয়ম কৰে। উল্লেখযোগ্য যে এই উন্নয়ন খণ্ডত ইতিমধ্যেই প্রধানমন্ত্ৰী আৱাস যোজনাৰ ৯২% ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত ১০০% ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ বিভাগীয় কৰ্তৃপক্ষক নির্দেশ প্রদান...

August 10, 2024 7:50 PM

শাৰদীয় দুর্গোৎসৱৰ পাছতেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ মন্তব্য

শাৰদীয় দুর্গোৎসৱৰ পাছতেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে প্ৰতিটো উন্নয়ন খণ্ডৰ লগতে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পুনৰ গঠন প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হ'ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে তিনিচুকীয়াত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি কয় যে, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অহা ১ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰৰ ভিতৰত ৰাজ্যৰ উন্নয়ন খণ্ডসমূহৰ পুনৰ গঠন প্ৰক্ৰিয়া সম্পন্ন হ'ব। তেওঁ লগতে কয় যে, ৭ ছেপ্তেম্বৰৰ পাছত খচৰাৰ সংক্ষিপ্তৰূপ প্ৰকাশ পাব আৰু ৰাইজৰ ...