September 11, 2024 8:01 PM

অসম ৰাইচ মিলাৰ এছ’চিয়েচনৰ প্ৰতিনিধিৰ সৈতে ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

গুৱাহাটী মহানগৰীত দিছপুৰৰ জনতা ভৱনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি অসম ৰাইচ মিলাৰ এছ'চিয়েচনৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত অংশ লয়। বৈঠকত অসম ৰাইচ মিলাৰ এছ'চিয়েচনৰ প্ৰতিনিধিসকলে তেওঁলোকে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সম্বলিত আবেদন মন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰাৰ লগতে সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ এই সমস্যাসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰা হ'ব বুলি আশ্বাস দিয়াৰ লগতে বিভাগীয়ভাৱে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে।

August 31, 2024 6:18 PM

views 1

পাটাছাৰকুছিত ১ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৬টাকৈ উন্নয়নমূলক কামৰ উদ্বোধন মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি বজালী জিলাৰ পাটাছাৰকুছিত এক কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৬টাকৈ উন্নয়নমূলক কামৰ উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ আৱাসিক গৃহ, পাঠশালা হাইস্কুলৰ শ্ৰেণীকোঠা, ডিজিটেল পুথিভঁৰাল উদ্বোধন কৰে। মন্ত্ৰী শ্ৰী দাসে লগতে শ্বহীদ অক্ষেন্দ্র উচ্চ মাধ্যমিক বিদ্যালয়, ৰিহাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পাটাছাৰকুছি হাইস্কুলত ডিজিটেল পুথিভঁৰাল উদ্বোধন কৰে।

August 8, 2024 12:12 PM

আলুৰ দাম বৃদ্ধিৰ প্ৰসংগত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কেন্দ্ৰ তথা পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত

অসমত হোৱা আলুৰ দাম বৃদ্ধিৰ প্ৰসংগত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কেন্দ্ৰ তথা পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। কালি বিভাগীয় মন্ত্ৰী ৰণজিত কুমাৰ দাসে এই কথা জানিবলৈ দিয়ে। পশ্চিমবংগৰ আলুসমূহ অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে আলুৰ দাম বৃদ্ধি হোৱা সন্দৰ্ভত দেখা দিয়া সমস্যাৰ ওৰ পেলাবলৈ কালি মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এখন সভাও অনুষ্ঠিত হয়। সভাত সংশ্লিষ্ট বিভাগীয় বিষয়াসকলৰ লগতে কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ বিষয়ববীয়া তথা আলু আৰু পিঁয়াজ ব্যৱসায়ী সংস্থা, কামৰূপ মহা...

August 7, 2024 8:15 PM

পশ্চিমবংগৰ আলু অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে দেখা দিয়া মূল্যবৃদ্ধিৰ সমস্যাৰ সমাধানৰ বাবে মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত বৈঠক

পশ্চিমবংগৰ আলু অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে দেখা দিয়া মূল্যবৃদ্ধিৰ সমস্যা ওৰ পেলোৱাৰ উদ্দেশ্যে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত আজি বৈঠক অনুষ্ঠিত হয়। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে গ্রাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগেও কেন্দ্ৰীয় চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

August 2, 2024 5:48 PM

বজালীৰ মৰীপুৰত প্রাথমিক স্বাস্থ্য কেন্দ্ৰ পথৰ উদ্বোধন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বজালীৰ মৰীপুৰত পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে নির্মিত নিত্যানন্দ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰ পথটো উদ্বোধন কৰে। তেওঁ লগতে বৰবাং গাঁও পঞ্চায়তৰ গোঁসাইপাৰাত মহাত্মা গান্ধী এনৰেগাৰ অধীনত নিৰ্মিত পথটোৰ উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে নিত্যানন্দ খণ্ড প্রাথমিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু ৰোগীসকলৰ লগত মত-বিনিময় কৰে আৰু তেওঁলোকৰ পৰা চিকিৎসালয়খনৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ লগতে বিভিন্ন অভাৱ-অভিযোগৰ বুজ লয়।

July 22, 2024 6:59 PM

বঙাইগাঁও আৰু বিশ্বনাথ জিলাত আজি সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্রক্রিয়াৰ শুভাৰম্ভ

খাদ্য আৰু অসামৰিক যোগান মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত আজি বঙাইগাঁও আৰু বিশ্বনাথ জিলাত ৰাজ্যত উৎপাদিত ধানৰ পৰা সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্রক্রিয়াৰ শুভাৰম্ভ কৰা হয়। তেওঁ বঙাইগাঁৱৰ অসম ৰাজ্যিক পন্যাগাৰ নিগমৰ ভঁৰালগৃহ চৌহদত বিকেন্দ্রীকৃত শস্য সংগ্রহ কেন্দ্র মুকলি কৰে। এতিয়াৰে পৰা জিলাখনত কৃষকসকলৰ পৰা উপযুক্ত মূল্যত ক্রয় কৰা চাউল এই কেন্দ্রটোত মজুত কৰি ৰখা হ'ব। পৰৱৰ্তী সময়ত ইয়াৰ পৰাই স্থানীয় পাইকাৰী, গ্রাহক সমবায় সমিতিৰ জৰিয়তে সুলভ মূল্যৰ দোকানসমূহক যোগান ধৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব ...