July 18, 2024 5:59 PM

দিছপুৰত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত সন্থাৰ বিষয়াবৰ্গৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আলোচনা

যোগান আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি দিছপুৰত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত সন্থাৰ বিষয়াবৰ্গৰ সৈতে আলোচনাত মিলিত হয়। সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ দাবীসমূহ শুনাৰ অন্তত মন্ত্ৰী শ্ৰীদাসে সন্থাই ২০০৮ চনৰ পৰা ২০১৫ চনলৈ প্ৰাপ্য ধন নোপোৱা সন্দৰ্ভত তদন্ত কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে ২০০৮ চনৰ পৰা ২০১৫ চনলৈ অন্ন সুৰক্ষা যোজনা আঁচনিৰ অধীনত সুলভ মূল্যৰ ব্যৱসায়ীসকলে পৰিবহন ব্যয়ৰ বাবদ ১১ কোটি ২৫ লাখ টকা পাবলগীয়া আছে। আনহাতে, ২০১০ চনৰ পৰা ২০১৫ চন...