September 22, 2024 11:23 AM

নতুনকৈ গঠিত উপ-জিলাসমূহৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তসকলক জনসাধাৰণৰ প্ৰতি দায়িত্বশীল হৈ কাম কৰি সু-শাসন ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে  সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ আহ্বান

ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে নতুনকৈ গঠন কৰা উপ-জিলাসমূহৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তসকলৰ সামৰ্থ বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিষয়াসকলক জনসাধাৰণৰ প্ৰতি দায়িত্বশীল হৈ কাম কৰি সু-শাসন ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে আহ্বান জনায়। প্রশাসনিক সূচলতা আৰু কাৰ্যদক্ষতা বৃদ্ধিৰ লগতে নাগৰিকমুখী সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গঠন কৰিবলগীয়া ৭৮ খন উপ-জিলাৰ ভিতৰত প্ৰথম পৰ্যায়ত ৩৯ খন উপ-জিলাৰ কামকাজ অহা ২ অক্টো...

August 26, 2024 11:23 AM

কাৰ্বি আংলঙৰ জিলাৰ উমৰ্টেলীত দুই কোটি টকা ব্যয় সাপেক্ষ এটি সমল কেন্দ্ৰৰ  আধাৰশিলা স্থাপন

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেঙৰ উমৰ্টেলী ৰাজহ গাঁৱত মন্ত্ৰী ৰণজিত কুমাৰ দাসে নতুনকৈ নিৰ্মাণ হ'বলগীয়া জিলা সমল কেন্দ্ৰৰ কালি আধাৰশিলা স্থাপন কৰে। দুই কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই সমল কেন্দ্ৰটোৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ আত্মসহায়ক গোটৰ লগতে অন্যান্য স্বনিৰ্ভৰশীল সংগঠনসমূহকো বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্রদানেৰে স্বাৱলম্বিতাৰ বাট মুকলি কৰি দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শেহতীয়াকৈ ১০ লাখ ৭৫ খন ৰেচন কাৰ্ড ...

July 4, 2024 9:21 PM

সাম্প্ৰতিক বানত মৃত্যু হোৱা তিনিচুকীয়াৰ নিৱাসী শিৱানুজ তিৰ্কিৰ পৰিয়ালক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সাক্ষাৎ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাম্প্ৰতিক বান পৰিস্থিতিৰ ফলত অলপতে মৃত্যু হোৱা তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ হাতিঘূলিৰ ৩ নম্বৰ ন-বৰমূৰা নিৱাসী শিৱানুজ তিৰ্কিৰ পৰিয়ালক আজি সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা ৪ লাখ টকাৰ চেক পৰিয়ালবৰ্গক অৰ্পণ কৰে। মন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালত স্থানীয় বিধায়ক বলিন চেতিয়াৰ লগতে অঞ্চলটোৰ প্ৰাক্তন পঞ্চায়ত সভাপতিও উপস্থিত থাকে।