August 19, 2024 8:40 PM

সমগ্র দেশজুৰি ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনক গৰিমামণ্ডিত কৰাৰ পৱিত্ৰ উৎসৱ ৰাখী বন্ধন পালন

ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনক গৰিমামণ্ডিত কৰাৰ পৱিত্ৰ উৎসৱ ৰাখী বন্ধন আজি সমগ্র দেশজুৰি পালন কৰা হয়। এই উৎসৱত ভগ্নীসকলে ভাতৃৰ হাতত ৰং-বিৰঙৰ ৰাখী বান্ধি তেওঁলোকৰ সু-স্বাস্থ্য আৰু সমৃদ্ধিৰ হকে প্ৰাৰ্থনা জনায়। ইয়াৰ বিনিময়ত ভাতৃয়ে ভগ্নীৰ সুৰক্ষা আৰু সহযোগিতাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক উপহাৰ প্ৰদান কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ভাতৃ-ভগ্নীৰ পৱিত্ৰ বন্ধনৰ উৎসৱ ৰাখী বন্ধন পালন কৰা হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত তথা এটা স্বেচ্ছাসেৱী সংস্থাৰ...