July 22, 2024 7:43 PM
সংসদৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোত ৰাজ্যসভাৰ কাৰ্যকাল দিনটোৰ বাবে স্থগিত
সংসদৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোত ৰাজ্যসভাৰ কাৰ্যকাল দিনটোৰ বাবে স্থগিত ৰখা হৈছে। কাইলৈ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দ্বাৰা লোকসভাত সাধাৰণ বাজেট দাখিলৰ সমাপ্তিৰ পাছতে পুনৰ ৰাজ্যসভাৰ কাম কাজ আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে উচ্চ সদনত কেইবাগৰাকীও সদস্যই ৰাজহুৱা বিষয়সমূহ উত্থাপন কৰাৰ সময়ত ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখা হয়। বাজেট অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে সদস্যসকলক সদনৰ নীতি-নিয়মসমূহ ৰক্ষা কৰাৰ লগতে শক্তিশালী সংসদীয় বক্তৃতাৰ পৰিবেশ গঢ়ি তুলিবলৈ আহ্বান জনায়। শ্রীধনখড়ে সা...