September 12, 2024 3:07 PM

যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে এই অনুশীলনৰ উদ্দেশ্য হৈছে – দেশৰ সামৰিক সামর্থ্যৰ প্ৰদৰ্শন আৰু অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা। দেশৰ ক্ৰমবৰ্ধমান সামৰিক শক্তিৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে ভাৰতে প্ৰতিৰক্ষা সঁজুলি আমদানি কৰিছিল যদিও এতিয়া প্ৰতিৰক্ষা সামগ্রী বিশ্বৰ ৯০ খন দেশলৈ ৰপ্তানি কৰিব পৰা হৈছে। তেওঁ কয় যে দেশৰ প্ৰয়োজন...

September 3, 2024 7:58 PM

প্ৰতিৰক্ষা প্ৰস্তুতি সুদৃঢ় কৰাৰ উদ্দেশ্যে ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন

চৰকাৰে দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি সুদৃঢ় কৰাৰ উদ্দেশ্যে ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাৰ প্ৰতিৰক্ষা ক্ৰয় পৰিষদে ১০ টা মূলধনী ক্রয় প্ৰস্তাৱত অনুমোদন দিছে। পৰিষদে ভৱিষ্যতৰ যুদ্ধবাহন, বায়ু প্ৰতিৰক্ষা জুই নিয়ন্ত্ৰণ ৰাডাৰ, ডৰ্ণিয়াৰ-228 শ্ৰেণীৰ বিমান, ভৱিষ্যত প্ৰজন্মৰ ক্ষীপ্ৰ তহলদাৰী আৰু উপকূলীয় তহলদাৰী জাহাজ ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

June 13, 2024 4:21 PM

দেশৰ প্ৰতিৰক্ষা আমদানি অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্যঃ ৰাজনাথ সিং

কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা আমদানি অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী সিঙে কয় যে ভাৰতে ইতিমধ্যে ২১ হাজাৰ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰতিৰক্ষা সা-সামগ্রী আমদানি কৰিছে। ইয়াক এক অভিলেখ বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এখন শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লগতে দেশৰ সুৰক্ষা তথা নিৰাপত্তা বাহিনীসমূহৰ কল্যাণ সাধনেই হৈছে কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰা...

May 10, 2024 12:06 PM

বিজেপিয়ে সমৃদ্ধিশালী, জ্ঞান-বিজ্ঞান আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিব পৰা ভাৰত গঢ়ি তুলিব বিচাৰেঃ ৰাজনাথ সিং

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি কয় যে, বিজেপিয়ে সমৃদ্ধিশালী তথা জ্ঞান, বিজ্ঞান আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত গোটেই বিশ্বক নেতৃত্ব প্ৰদান কৰিব পৰা ভাৰত গঢ়ি তুলিব বিচাৰে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ সংসদীয় সমষ্টিৰ বিজেপি প্রার্থী শ্রীসিঙে কয় যে, কথা আৰু কামৰ মাজৰ প্ৰভেদৰ বাবেই ৰাজনৈতিক নেতাসকলৰ প্ৰতি স্বতন্ত্ৰ ভাৰতত আস্থাৰ সংকট উদ্ভৱ হৈছে। লক্ষ্ণৌৰ বৰ্তমানৰ সাংসদগৰাকীয়ে লগতে কয় যে, জনসাধাৰণৰ মাজত দায়িত্ববোধ গঢ়ি উঠিলেহে ভাৰতত ৰাম ৰাজ্য আৰম্ভ হ'ব। নিজকে ৰাষ্ট্...