May 20, 2024 8:38 PM
ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা-বৰষুণ, বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ৰাজহুৱা সম্পত্তিৰ বিস্তৰ ক্ষতি
ৰাজ্যৰ ভিন্ন প্ৰান্তত যোৱানিশা হোৱা ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ব্যৱসায়িক প্রতিষ্ঠান আৰু ৰাজহুৱা সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। ধুমুহাৰ ফলত ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি পৰাত বিদ্যুৎ সেৱা আৰু যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। নলবাৰীৰ মুগকুছি এলেঙ্গীদলৰ শংকৰ আজান পুথিভঁৰালৰ বিস্তৰ ক্ষতি হয়। লগতে জিলাখনৰ খাৰজৰা আশ্ৰমৰ সন্মুখত গছ উভালি শতাধিক বাহন আবদ্ধ হৈ পৰে। বাঁহজানীৰ দৌকুছিতো কালি নিশাৰ ভাগত অহা ধুমুহাৰ ফলত গছৰ ডাল ভাঙি বিদ্যুৎ পৰিবাহী খুঁটা উভালি পৰাত বিদ্...