August 9, 2024 8:38 PM
ভাৰত ত্যাগ আন্দোলনৰ আজি ৮১ সংখ্যক বাৰ্ষিকী
ভাৰত ত্যাগ আন্দোলনৰ আজি ৮১ সংখ্যক বাৰ্ষিকী। ১৯৪২ চনৰ ৯ আগষ্টত এই আন্দোলন আৰম্ভ কৰা হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ বার্ষিকী উপলক্ষে প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে মহাত্মা গান্ধীৰ নেতৃত্বত এই আন্দোলনত অংশ লোৱা বীৰ সেনানীসকলৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে প্রধানমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰত ত্যাগ আন্দোলনে বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷ এই আন্দোলনৰ ফলতে দেশৰ নাগৰিকসকলে সমস্বৰে এখন দুর্নীতিমুক্ত, পৰিয়ালতান্ত্ৰিক ৰাজনীতি আৰু তোষামোদৰ পৰা মুক্ত বাষ্ট্ৰ ...