August 27, 2024 11:18 AM
ৰাজহুৱা ওজৰ-আপত্তি ফলপ্রসূ নিষ্পত্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা জাৰি
কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি প্রক্রিয়া যাতে সময় নির্ধাৰিত, সহজ আৰু অৰ্থপূৰ্ণ হয় তাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। ব্যক্তিগত, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন মন্ত্ৰ্যালয়ে কৈছে যে, এই ৰাজহুৱা ওজৰ-আপত্তি ফলপ্রসূ নিষ্পত্তিৰ বাবে জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে নাগৰিকসকলক সবল কৰা, প্ৰক্ৰিয়াটো সুব্যৱস্থিত কৰাৰ লগতে এইক্ষেত্ৰত অধিক স্বচ্ছতা অনা আৰু গুৰুত্ব প্ৰদানত প্ৰয়াস কৰা হৈছে। জনসাধাৰণে তেওঁলোকৰ ওজৰ-আপত্তিসমূহ www.pgportal.gov.ত পঞ্জীয়ন কৰিব পাৰিব। কেন্দ্ৰীয় মন্ত্ৰ্যালয় আৰু বিভাগস...