September 26, 2024 10:08 AM

ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে শণিবাৰে হায়দাবাদৰ সমীপৰ বলাৰূমত থকা ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব। এই মহোৎসৱ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ চহকী আৰু বৈচিত্র্যময় সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি উৎসৰ্গা কৰা হৈছে। ৰাষ্ট্ৰপতি নিলয়মত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাষ্ট্ৰপতি ভৱনৰ বিষয়া স্বাতী চাহীয়ে কয় যে, ২৯ ছেপ্তেম্বৰৰ পৰা ৬ অক্টোবৰলৈ হ'বলগীয়া এই ভাৰতীয় কলা মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক সজীৱ ৰূপত তুলি ধৰা হ'ব। মহোৎসৱৰ এই ...

September 18, 2024 8:08 PM

জয়পুৰৰ মালব্য ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ অষ্টাদশ সমাৱৰ্তন সমাৰোহক ৰাষ্ট্ৰপতিৰ সম্বোধন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত মহিলাৰ বৃহত্তৰ অংশগ্রহণ অকল দেশৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক বিকাশৰ দিশৰ পৰাই নহয়, বৰং মহিলাৰ জীৱন-ধাৰণ উন্নয়নৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ। জয়পুৰৰ মালব্য ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ অষ্টাদশ সমাৱৰ্তন সমাৰোহক সম্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে আজি এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, মহিলাসকলক সমান সুযোগ প্ৰদান কৰিলে তেওঁলোকে শ্রেষ্ঠত্ব অর্জন কৰিব পাৰে। তেওঁ কয় যে শেহতীয়াকৈ দেশত বিদ্যালয়ত নামভৰ্তি কৰা ছোৱালীৰ সংখ্যা বৃ...

September 4, 2024 6:23 PM

পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা খেলুৱৈক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা বাবে শাৰদ কুমাৰ, মাৰিয়াপ্পান থাংগাৱেলু, অজিত সিং আৰু সুন্দৰ সিঙক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকছৰ পুৰুষৰ হাই জাম্পত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা স্বাগত কুমাৰ আৰু মাৰিয়াপ্পান থাংগাৱেলুক অভিনন্দন জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, তেওঁলোকৰ এই প্ৰাপ্তি হৈছে সুন্দৰ ধাৰাবাহিক প্ৰদৰ্শনৰ উদাহৰণ। তেওঁ কয় যে, তেওঁলোকৰ এই সফলতাই ...