August 4, 2024 11:04 AM
ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি
ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনৰ কালি ৰাষ্ট্ৰপতি ভৱনত সামৰণি পৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সামৰণি মন্তব্যত পাৰস্পৰিক শিকনৰ মনোভাৱেৰে সৰ্বাত্মক আলোচনাৰ বাবে ৰাজ্যপালসকলে চলোৱা সমূহীয়া প্ৰচেষ্টাৰ শলাগ লয়। জনসাধাৰণৰ কল্যাণ আৰু ৰাজ্যপালৰ কাৰ্যালয়ৰ কাম-কাজ উন্নত কৰি তোলাৰ বাবে লাভ কৰা পৰামৰ্শসমূহ ৰূপায়ণ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমুৰ্মুৱে কয় যে, দেশৰ উন্নয়ন ৰাজ্যসমূহৰ সৰ্বাত্মক আৰু ক্ষীপ্ৰ উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰে আৰু সকলো ৰাজ্যই পৰস্পৰৰ শ্ৰেষ্ঠ কাৰ্য শৈলী আৰু অভিজ্ঞতাৰ পৰা শি...