June 26, 2024 8:32 PM

লোকসভা অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰা কাৰ্যক লৈ কংগ্ৰেছ দলক সমালোচনা কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে লোকসভা অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰা কাৰ্যক লৈ কংগ্ৰেছ দলক সমালোচনা কৰিছে। সংসদ ভৱনৰ বাহিৰত সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ আজি কয় যে, উপাধ্যক্ষৰ পদটোক লৈ আলোচনা কৰাৰ বাবে চৰকাৰ সাজু আছিল যদিও বিষয়টোক লৈ পূর্ব চর্ত আৰোপ কৰাটো উচিত হোৱা নাই। আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন ওৰফে লালন সিঙে বিষয়টোক লৈ কংগ্ৰেছ দলক সমালোচনা কৰি, লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ প্ৰসংগক লৈ দলটোৱে চাপ প্ৰয়োগৰ ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰে। আনহাতে কংগ্ৰেছ সভ...

June 12, 2024 8:21 PM

খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ বিষয়াসকলৰে প্ৰথমখন বৈঠক মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশী আজি ৰাজ্যমন্ত্রী বি এল ৱাৰ্মা আৰু নিমুবেন বোম্বানিয়াৰ সৈতে নতুন দিল্লীত থকা তেওঁৰ কাৰ্যালয়ত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ বিষয়াসকলৰ লগত প্ৰথমখন বৈঠকত মিলিত হয়। বৈঠকত শ্ৰীযোশীয়ে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে খাদ্য বিতৰণ ব্যৱস্থা শক্তিশালী কৰি তোলাৰ বাবে লবলগীয়া গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে শ্রীযোশীয়ে কালি নতুন দিল্লীত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্...