September 8, 2024 12:09 PM

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰষ্কাৰ, ২০২৫ৰ বাবে ১৫ ছেপ্তেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰষ্কাৰ, ২০২৫ৰ বাবে ১৫ ছেপ্তেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্রতি বছৰে জানুৱাৰীত এই বঁটাসমূহ প্ৰদান কৰে। এই বছৰৰ বঁটা প্ৰাপকসকলৰ নাম ২৬ ডিচেম্বৰত সাহসী শিশু দিৱসৰ দিনা ঘোষণা কৰা হ'ব। শিশুসকলৰ সামৰ্থ, দৃঢ়তা, উৎসাহ- উদ্দীপনাৰ উদযাপন কল্পে এই বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় পুৰষ্কাৰৰ আনুষ্ঠানিক ৱেবছাইটৰ জৰিয়তে এই বঁটাৰ বাবে ৫ বছৰৰ উৰ্ধৰ আৰু ১৮ বছৰৰ তলৰ শিশুৰ নাম মনোনীত কৰিব পৰা যায়।

June 8, 2024 2:25 PM

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে অনলাইন প’ৰ্টেলত অহা ৩১ জুলাইৰ ভিতৰত আবেদন কৰিব পাৰিব

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিশুসকলক স্বীকৃতি প্রদান সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে জিলাসমূহৰ পৰা মনোনয়ন বিচাৰিছে। যোগ্যতাসম্পন্ন প্রার্থীসকলে https://awards/gov.in অনলাইন প’ৰ্টেলত অহা ৩১ জুলাইৰ ভিতৰত আবেদন কৰিব পাৰিব । আবেদনকাৰীয়ে আবেদনৰ প্ৰতিলিপি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। উল্লেখযোগ্য যে, সাহসিকতা, ক্রীড়া, সমাজসেৱা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, পৰিৱেশ, কলা আৰু সংস্কৃতিৰ লগতে উদ্ভাৱনমূলক দিশত অৰিহণা যোগোৱা ...