May 9, 2024 6:12 PM

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। চতুর্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে মাত্ৰ তিনিটা দিন থকা অৱস্থাত প্রধান ৰাজনৈতিক দলসমূহৰ আগশাৰীৰ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ বাবে জনসাধাৰণৰ পৰা সমৰ্থন বিচাৰি প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি বিয়লি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, উন্নাও, মোহনলাল গঞ্জ আৰু ৰায়বৰেলি সংসদীয় সমষ্টিৰ দলীয় কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। তেওঁ লগ...

May 9, 2024 5:38 PM

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ ১,৫৮৬ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত ৭৪৯ খন মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪ খন, মহাৰাষ্ট্ৰৰ ১৩ খন, পশ্চিমবংগৰ ৭খন, বিহাৰ আৰু ওড়িশাৰ ৫ খনকৈ, ঝাৰখণ্ডৰ তিনিখন আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ এখনকৈ আসনৰ বাবে অহা ২০ মে’ত ভোটগ্ৰহণ কৰা হ’ব।

May 9, 2024 5:40 PM

লোকসভা নিৰ্বাচনৰ বাবে ৩ গৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্ৰকাশ বিজেপিৰ

বিজেপিয়ে কালি লোকসভা নিৰ্বাচনৰ বাবে তিনিগৰাকী প্ৰাৰ্থীৰ নাম থকা আন এখন তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি দলটোৱে পঞ্জাৱৰ আনন্দপুৰ চাহিব আসনৰ পৰা ড০ সুভাষ শৰ্মা আৰু ফিৰোজপুৰ আসনৰ পৰা ৰানা গুৰমিত সিং সোধীক প্ৰক্ষেপ কৰাৰ বিপৰীতে অৰবিন্দ খান্নাক চক্ৰৰ সংসদীয় সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।

May 10, 2024 9:33 PM

পঞ্চম পৰ্যায়ত ২০ মে’ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলত লোকসভা নির্বাচন

পঞ্চম পৰ্যায়ত অহা ২০ মে'ত ৬খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯টা সংসদীয় সমষ্টিত লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে ১,৫৮৬ খন মনোনয়ন দাখিল কৰা হৈছিল যদিও চালি জাৰি চোৱাৰ পাছত ৭৪৯ খন মনোনয়ন বৈধ ঘোষণা কৰা হয়। পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪টা, মহাৰাষ্ট্ৰৰ ১৩টা, পশ্চিমবংগৰ ৭টা, বিহাৰ আৰু ওড়িশাৰ ৫টাকৈ, ঝাৰখণ্ডৰ ৩টা আৰু লাডাখ আৰু জম্মু আৰু কাশ্মীৰৰ এটাকৈ সমষ্টিৰ বাবে নিৰ্বাচন হ'ব।

May 10, 2024 9:35 PM

দেশৰ ৯৩টা সমষ্টিত ৬৫.১৯ শতাংশ ভোটদাতাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি দেশৰ ৯৩টা সমষ্টিত ৬৫.১৯ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত ৮৫.৪৫ শতাংশ, বিহাৰত ৫৮.৫৮ শতাংশ, ছত্তিশগড়ত প্রায় ৭১.৯৮ শতাংশ, দাদা-নগৰ হাভেলি আৰু দমন-দিউত ৬৯.৮৭ শতাংশ, গুজৰাটত ৫৯.৫১ শতাংশ, কর্ণাটকত ৭১.৭৮ শতাংশ, গোৱাত ৭৫.২০ শতাংশ, মধ্যপ্রদেশত ৬৬.৭১ শতাংশ, মহাৰাষ্ট্ৰত ৬১.৪৪ শতাংশ, উত্ত...

May 11, 2024 12:35 PM

তৃতীয় পৰ্যায়ত ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত ভোটগ্রহণ সম্পন্ন

লোকসভা নিৰ্বাচনৰ তৃতীয় পর্যায়ত কালি প্রায় ৬৪.৫৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্রহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত ৮১.৭১ শতাংশ, বিহাৰত ৫৮.১৮ শতাংশ, ছত্তিশগড়ত ৭১.০৬ শতাংশ, দাদা-নগৰ হাভেলি আৰু দমন-দিউত ৬৯.৮৭ শতাংশ, গুজৰাটত ৫৮.৯৮ শতাংশ, কর্ণাটকত ৭০.৪১ শতাংশ, গোৱাত ৭৫.২০ শতাংশ, মধ্যপ্রদেশত ৬৬.০৫ শতাংশ, মহাৰাষ্ট্ৰ ৬১.৪৪ শতাংশ, উত্তৰ প্ৰদেশত ৫৭.৩৪ শতা...

May 7, 2024 2:42 PM

গুজৰাটৰ ৫টা কৰ্ণাটকৰ এটা আৰু পশ্চিমবংগৰ এটা বিধানসভা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত

লোকসভা নিৰ্বাচনৰ লগতে আজি গুজৰাটৰ ৫টা কৰ্ণাটকৰ এটা আৰু পশ্চিমবংগৰ এটা বিধানসভা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত হৈছে। গুজৰাটত বিজাপুৰ, খামৱাত, মানাভাদাৰ, পোৰবন্দৰ আৰু ভাগডিয়া বিধানসভা সমষ্টিত ভোটগ্রহণ চলি আছে। আনহাতে, কৰ্ণাটকৰ চোড়াপুৰ আৰু পশ্চিমবংগৰ ভগৱানগোলা বিধানসভা সমষ্টিতো ভোটগ্রহণ চলি আছে।

May 7, 2024 2:39 PM

ৰাজ্যত ৯,৫০০ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত আজি অসমৰ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত ভোটগ্রহণ কৰা হৈছে। প্ৰতিকুল বতৰৰ মাজতে পুৱা ৭ বজাত চাৰিওটা সমষ্টিৰ ভোটকেন্দ্ৰসমূহত ভোটগ্ৰহণ আৰম্ভ হয়। এই পর্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাকে ধৰি মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যৰ ৯,৫০০ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ইতিমধ্যে ৰাজ্যখনৰ সৈতে সংযুক্ত আন্তঃৰাষ্ট্ৰীয় সীমাসমূহ ছীল কৰি দিয়া হৈছে। ৰাজ্যৰ ৩০০ টা ভোটকেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে চিহ...

May 7, 2024 2:37 PM

দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ চলি আছে

♦দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। শান্তিপূর্ণভাৱে চলি থকা ভোটগ্রহণ প্ৰক্ৰিয়াত ভোটদাতাসকলৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। গুজৰাটৰ ২৫ টা, কৰ্ণাটকৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১১ টা, উত্তৰ প্ৰদেশৰ ১০ টা, মধ্য প্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসমৰ ৪টা, পশ্চিমবংগৰ ৪টা, গোৱাৰ দুটা সমষ্টিৰ লগতে কেন্দ্ৰীয় শাসিত দাদা-নগৰ হাভেলি আৰু দমন-ডিউৰ এটাকৈ সমষ্টিত আজি ভোটগ্রহণ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি তৃতীয় পৰ্যায়ত দিনৰ এক...

May 7, 2024 12:40 PM

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ’ব

♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত এখন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৪ মে'। ১ জুনত সপ্তম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।