May 31, 2024 7:17 PM

ৰীমাল ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰীৰ উদ্বেগ প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবঙ্গত ৰীমাল ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্য্যোগৰ ঘটনাসমূহৰ সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে। আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্রীমোদীয়ে প্ৰাকৃতিক দুৰ্য্যোগৰ দ্বাৰা প্ৰভাৱিত প্ৰতিগৰাকী ব্যক্তিৰ বাবে তেওঁ যথেষ্ট চিন্তান্বিত বুলি প্ৰকাশ কৰে। বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত সজাগ দৃষ্টি ৰখা বুলি মন্তব্য কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰভাৱিত ৰাজ্যসমূহলৈ সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলিও শ্রীমোদীয়ে লগতে কয়।

May 30, 2024 2:18 PM

কন্যাকুমাৰীৰ বিবেকানন্দ ৰ’ক মেম’ৰিয়েলত প্রধানমন্ত্ৰী মোদীয়ে আজি ৪৫ ঘণ্টীয়া ধ্যানত বহিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কন্যাকুমাৰীৰ বিবেকানন্দ ৰ'ক মেম'ৰিয়েলত ৪৫ ঘণ্টীয়া ধ্যানত বহিব। ইতিমধ্যে প্রধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে ২ হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে আনুসংগিক প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শ্রীমোদীয়ে আজি সন্ধিয়াৰ পৰা ১ জুনৰ বিয়লি ৩ বজালৈ ধ্যানত বহিব বুলি জিলা প্রশাসনে জানিবলৈ দিছে। উল্লেখ্য যে, প্রধানমন্ত্ৰীগৰাকীয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পাছতো কেদাৰনাথৰ গুহাত ধ্যানত বহিছিল।

May 30, 2024 1:18 PM

কেন্দ্ৰত তৃতীয়বাৰৰ বাবে এখন মজবুত মোডী চৰকাৰ গঠন হ’বঃ প্রধানমন্ত্রী

প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোডীয়ে কালি ওড়িশাত নির্বাচনী প্ৰচাৰ চলায়। শ্রীমোডীয়ে ময়ুগঞ্জ লোকসভা সমষ্টিৰ বড়ীপদাত, বালাছোৰ লোকসভা সমষ্টিৰ ৰেমু নাথ আৰু কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ বাৰুৱাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগ, ঝাৰখণ্ড আৰু ওড়িশাৰ ভোটদাতাসকলৰ আনন্দ আৰু উৎসাহ প্ৰত্যক্ষ কৰি তেওঁ কেন্দ্ৰত তৃতীয়বাৰৰ বাবে এখন মজবুত মোডী চৰকাৰ গঠন হ’ব বুলি নিশ্চিত হৈছে। ইপিনে, কংগ্ৰেছৰ অধ্যক্ষ মল্লিকার্জুন খার্গেই কালি বালাছোৰত এখন জনসভাক সম...

May 28, 2024 5:25 PM

কংগ্ৰেছে সংৰক্ষণৰ নামত ভোটবেংকৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ

কংগ্ৰেছে সংৰক্ষণৰ নামত ভোটবেংকৰ ৰাজনীতিত লিপ্ত হোৱা বুলি প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে অভিযোগ তুলিছে। এটা বাতৰি যোগান প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে বিৰোধী দলটোৱে ভোটবেংকৰ ৰাজনীতিৰ বাবে সংবিধানৰ বুনিয়াদী নীতি উলংঘা কৰিছে। শ্রী মোদীয়ে কয় যে তেওঁ অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক কংগ্ৰেছে যে তেওঁলোকৰ সৈতে প্ৰবঞ্চনা কৰি আছে, সেই বিষয়ে অৱগত কৰিব খোজে। শ্রী মোদীয়ে কয় যে তেওঁ এই লোকসকলক অধিকাৰৰ সুৰক্ষাৰ বাবে যুঁজ দি যাব। বিৰ...

May 28, 2024 4:27 PM

স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকাৰৰ জয়ন্তী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধাঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকাৰৰ জয়ন্তী উপলক্ষে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্রী মোদীয়ে কৈছে যে মাতৃভূমিৰ সেৱাত নিজৰ জীৱন উচৰ্গা কৰা বীৰ সাৱৰকাৰ সদায় দেশবাসীৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।

May 9, 2024 9:27 PM

কংগ্ৰেছৰ সৈতে দুগৰাকী শীৰ্ষ স্থানীয় উদ্যোগপতিৰ বিশেষ সম্পৰ্কৰ বিষয়ে অভিযোগ অনা সন্দৰ্ভত দলৰ মুখপাত্র সুপ্রীয়া শ্রীনেটৰ প্রধানমন্ত্ৰী মোদীক সমালোচনা

◊ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ সৈতে দুগৰাকী শীৰ্ষ স্থানীয় উদ্যোগপতিৰ বিশেষ সম্পৰ্কৰ বিষয়ে অভিযোগ অনা সন্দৰ্ভত কংগ্ৰেছে শ্রী মোদীক সমালোচনা কৰে। দলটোৰ মুখপাত্র সুপ্রীয়া শ্রীনেটে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয় যে, কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়েহে অবিৰতভাৱে দুয়োটা ব্যৱসায়িক গোষ্ঠীক জবাবদিহি কৰিছিল। ইয়াৰ বিপৰীতে বিজেপি নেতাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে বুলি মুখপাত্ৰ গৰাকীয়ে অভিযোগ কৰে। তেওঁ লগতে কয় যে, লোকসভা নিৰ্বাচনত হ'বলগীয়া পৰাজয়ৰ উমান পাই দলটো অস্থ...

May 7, 2024 12:27 PM

পুৱা প্ৰায় ৭.৩০ বজাত প্রধানমন্ত্ৰী মোদীৰ ভোটাধিকাৰ সাব্যস্ত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধী নগৰ সমষ্টিৰ অন্তৰ্গত আহমেদাবাদৰ নিছান হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ভোটকেন্দ্ৰত পুৱা প্ৰায় ৭.৩০ বজাত ভোটাধিকাৰ সাব্যস্ত কৰে। এই সমষ্টিত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপিৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিছে। ভোটদান কৰি প্ৰধানমন্ত্ৰীয়ে ভোটকেন্দ্ৰটোৰ সাধাৰণ ভোটদাতাসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ প্ৰাৰ্থী তথা গৃহমন্ত্ৰী শ্বাহৰ সৈতে সাধাৰণ লোকৰ শুভেচ্ছাও গ্রহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভোটাধিকাৰ সাব্যস্ত কৰি কয় যে, ভোটদান মহত্বপূৰ্ণ দান আৰু ভাৰতৰ...

May 6, 2024 12:07 PM

অযোধ্যাত ৰোড শ্ব’ত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অযোধ্যাত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। সুগ্ৰীৱ কিলাৰ পৰা ৰোড শ্ব’ আৰম্ভ কৰাৰ পূৰ্বে তেওঁ ৰামলালাৰ দৰ্শন আৰু পূজা অৰ্চনা কৰে। Read More :  নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ভূৱনেশ্বৰত উপস্থিত প্ৰধানমন্ত্ৰী মোদী  কাইলৈ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে অধিসূচনা জাৰি কৰা হ’ব  চত্তিশগড়ৰ সুৰজপুৰ চহৰত জনসভা সম্বোধন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ  চলিত বৰ্ষৰ ২২ জানুৱাৰীত ৰামলালাৰ প্ৰাণ প...

May 2, 2024 1:01 PM

চৰকাৰ সংবিধানৰ পৱিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰঃ প্রধানমন্ত্ৰী

◊ প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰ সংবিধানৰ পৱিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ। উত্তৰ গুজৰাটৰ বানাচকাৰ দিছা আৰু চাবৰকাণ্ঠা জিলাৰ হিম্মত নগৰত কালি নির্বাচনী সভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। বানাচকাঠাত নিৰ্বাচনী সভাত ভাষণ দি শ্রীমোদীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থা বৰ্তাই ৰখা হ'ব বুলি আশ্বাস প্ৰদান কৰে। উন্নত ভাৰতৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰে পুনৰ ক্...

April 5, 2024 8:28 PM

সমগ্র দেশে উন্নত ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছেঃ মোদী

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বর্তমান সমগ্র দেশে উন্নত ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছে। শ্ৰী মোদীয়ে আজি ৰাজস্থানৰ শেখাৱতী অঞ্চলৰ চুৰুৰ এখন নিৰ্বাচনী সভাত ভাষণ দি এইদৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে বিগত ১০ বছৰত তেওঁৰ চৰকাৰে জনসাধাৰণৰ কেইবা দশকজোৰা বুনিয়াদী আৱশ্যকতা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে বিগত ১০ বছৰত উন্নত ভাৰতবৰ্ষৰ বাবে ভেঁটি নিৰ্মাণ কৰা হৈছে। সম্প্ৰতি সমগ্ৰ বিশ্ব ভাৰতৰ দ্ৰুত প্ৰগতিক লৈ আশ্চর্যচকিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে...