August 3, 2024 12:37 PM

মুঠ ৯৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীসহ ৮টা হাই স্পীড ৰোড ক’ৰিডৰ নিৰ্মাণত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কালি মুঠ ৯৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীসহ ৮টা হাই স্পীড ৰোড ক'ৰিডৰ নিৰ্মাণত অনুমোদন জনায়। এই ৮টা ঘাইপথ প্ৰকল্পৰ বাবে মুঠ ৫০ হাজাৰ ৬৫৫ কোটি টকা ব্যয় হ'ব বুলি চৰকাৰে জানিবলৈ দিছে। ইয়াৰ ভিতৰত ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পটোৰ নামত ৫ হাজাৰ ৭২৯ কোটি টকা আৱণ্টনৰ বাবে কেবিনেটে অনুমোদন জনাইছে। এই প্ৰকল্পই ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ লগতে আৰ্থ-সামাজিক উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব বুলি আশা কৰা হৈছে। উল্লেখয...

August 2, 2024 3:01 PM

ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰোতা তথা মহান স্বাধীনতা সংগ্রামী পিংগালী ভেংকয়াক জন্মবার্ষিকীত প্রধানমন্ত্ৰী মোদীৰ স্মৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰোতা তথা মহান স্বাধীনতা সংগ্রামী পিংগালী ভেংকয়াক জন্মবার্ষিকীত স্মৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্রীয়ে কয় যে জাতিটোক ত্ৰিৰংগা প্ৰদানৰ ক্ষেত্ৰত পিংগালী ভেংকয়াই কৰা প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব।

August 1, 2024 8:25 PM

বিগত ১০ বছৰত ভাৰত আৰু ভিয়েটনামৰ মাজৰ সম্পর্ক অধিক সম্প্ৰসাৰিত আৰু গভীৰ হৈ পৰিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনহৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই ভার্চুৱেল ব্যৱস্থাৰে ভিয়েটনামৰ নহা তৰাঙৰ দূৰ সংযোগ বিশ্ববিদ্যালয়ৰ সেনা ছফ্টৱেৰ উদ্যান মুকলি কৰে। ভাৰত আৰু ভিয়েটনামৰ মাজৰ সহযোগিতামূলক প্ৰকল্পৰ অধীনত এই উদ্যানখন নিৰ্মাণ কৰি উলিয়াইছে। ভাৰতে এই প্ৰকল্পৰ বাবে ৫০ লাখ ডলাৰৰ সাহায্য অনুদান আগবঢ়াইছে। দুয়ো পক্ষই সীমা শুল্ক, সামর্থ বৃদ্ধি, কৃষি গৱেষণা আৰু শিক্ষা, সামুদ্রিক ঐতিহ্য, ঔষধি গছ আৰু আইনী ক্ষেত্ৰত সহ...

July 16, 2024 1:38 PM

কে কমৰাজৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খ্যাতনামা ৰাজনীতিক কে কমৰাজৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাৰ ক্ষেত্ৰত প্ৰয়াত কমৰাজৰ অৱদান এতিয়াও অনন্য আৰু তেঁওৰ আদৰ্শক বাস্তবায়িত কৰাৰ লগতে এখন কল্যাণকামী সমাজ গঢ়িবলৈ চৰকাৰ সংকল্পবদ্ধ।

July 13, 2024 9:29 AM

মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ’ প্রদর্শনী কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ' প্রদর্শনী কেন্দ্ৰত ২৯ হাজাৰ ৪০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, ৰে'লৱে আৰু বন্দৰ খণ্ডৰ কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগত শ্ৰীমোদীয়ে ভাৰতীয় বাতৰি সেৱা সচিবালয়ত আই এন এছ টাৱাৰ মুকলি কৰিব। ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ১৬ হাজাৰ ৬০০ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া থানে-বোড়িৱলি সুৰংগ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দ্বৈত টিউব সুৰংগৰ ফলত থানে আৰু বোড়িৱলিৰ মাজৰ যাত্রা পথ ১...

July 10, 2024 11:55 AM

প্ৰধানমন্ত্ৰী মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান

ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শ্রীমোদীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মান আগবঢ়োৱা হৈছে। দুদিনীয়া ভ্রমণসূচীৰে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্রী মোদীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত কালি বিয়লি ৰাছিয়াৰ...

July 6, 2024 5:21 PM

ব্ৰিটেইনৰ প্ৰধানমন্ত্রী হিচাপে নিৰ্বাচিত ছাৰ কেইৰ ষ্টাৰমাৰক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টীৰ জয়ৰ বাবে নতুনকৈ প্ৰধানমন্ত্রী হিচাপে নিৰ্বাচিত ছাৰ কেইৰ ষ্টাৰমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রীমোদীয়ে কয় যে, ব্ৰিটেইনৰ সৈতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰতে আগ্ৰহেৰে বাট চাইছে। দুয়োখন দেশৰ মাজত ইতিবাচক আৰু গঠনমূলক সহযোগিতাৰ বাবেও ভাৰত আগ্রহী বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে তেওঁৰ কাৰ্যকালত ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰাত সক্ৰিয় ভূমিকা লোৱা ৰিছি ছুনাককো কৃতজ্ঞতা জনায়৷ ষ্টাৰমাৰৰ এই জয়লাভৰ ফলত ব্ৰিটেইনত...

July 4, 2024 8:10 PM

সন্ত্ৰাসবাদৰ কোনো ৰূপকে ন্যায় সংগত বুলি ক’ব পৰা নাযায়ঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সন্ত্ৰাসবাদৰ কোনো ৰূপকে ন্যায় সংগত বুলি ক'ব পৰা নাযায়। তেওঁ কয় যে, আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে সন্ত্রাসবাদক আশ্রয় দিয়া আৰু সন্ত্ৰাসবাদী কার্যকলাপক মাফ কৰি দিয়া দেশসমূহক উদঙাই দি অকলশৰীয়া কৰিব লাগে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে কাজাখস্তানৰ আস্থানাত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা শীর্ষ সন্মিলনত আজি এইদৰে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, চাংহাই সহযোগিতা সংস্থাৰ মূল লক্ষ্য সন্ত্ৰাসবাদ প্রতিহত কৰাত অগ্ৰাধিকাৰ দিয়া উচ...

June 18, 2024 5:26 PM

বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ সপ্তদশ কিস্তি হিচাপে পোনপটীয়া লাভ হস্তান্তৰ ব্যৱস্থাৰে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিব। বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে। অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে কৃষি সখী হিচাপে আত্ম সহায়ক গোটত ৩০ হাজাৰৰো অধিক মহিলা প্ৰমাণপত্ৰ বিতৰণ কৰিব। লাখপতি বাইদেউ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি এই প্ৰমাণপত্ৰ বিতৰণ কৰা হ'...

June 8, 2024 1:29 PM

বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছেঃ ধনখড়

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। ৰাজ্যসভাৰ ইনটান শ্বীপ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ১৯৬২ চনত শেষবাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহেৰুৱে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কয় যে, সংসদ, গণতন্ত্ৰৰ মন্দিৰ, আলাপ-আলোচনা, তৰ্কৰ স্থান। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, যেতিয়াই তেওঁলোকৰ সন্দেহ হয় তেতিয়াই ভাৰতীয় সংবিধানৰ সহায় ল'ব লাগে।