March 31, 2024 6:34 PM

১৯৭৪ চনত কচ্চাথিৰু দ্বীপ শ্রীলংকাক গতাই দিয়াৰ বাবে কংগ্ৰেছক  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তীব্র সমালোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৭৪ চনত কচ্চাথিৰু দ্বীপ শ্রীলংকাক গতাই দিয়াৰ বাবে কংগ্ৰেছক তীব্র সমালোচনা কৰিছে। তেওঁ দেশৰ একতা, অখণ্ডতা আৰু স্বাৰ্থ দুৰ্বল কৰাটো কংগ্ৰেছৰ ৭৫ বছৰীয়া কর্মশৈলী বুলি দাবী কৰিছে। তামিলনাডু বিজেপিৰ মুৰববী কে অন্নামলাইয়ে তথ্য জনাৰ আইনৰ অধীনত কচ্চাথিৰু দ্বীপ সম্পর্কে লাভ কৰা তথ্যৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে, কংগ্ৰেছে অতি সহজে কচ্চাথিৰু দ্বীপ শ্রীলংকাক গতাই দিয়াটো সঁচাকৈ আচৰ্য্যৰ কথা তেওঁ কয় যে, কংগ...

March 29, 2024 7:48 PM

গুড ফ্রাইডেত আমি যীশুখ্ৰীষ্টৰ বলিদানৰ কথা মনত পেলোৱা উচিতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুড ফ্রাইডে উপলক্ষে সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে যীশুখ্ৰীষ্টৰ বলিদানৰ কথা স্মৰণ কৰিছে। শ্ৰী মোদীয়ে কৈছে যে গুড ফ্রাইডেত আমি যীশুখ্ৰীষ্টৰ বলিদানৰ কথা মনত পেলোৱা উচিত। যীশুখ্ৰীষ্টই শিকোৱা মমতা আৰু ক্ষমাৰ পাঠেৰে সকলোৱে উদ্বুদ্ধ হ'ব বুলি প্রধানমন্ত্ৰীয়ে আশা প্রকাশ কৰিছে।