March 29, 2024 9:54 PM

শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজ ভাৰতৰ আধ্যাত্মিক চেতনাৰ অগ্রণী আছিলঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজ ভাৰতৰ আধ্যাত্মিক চেতনাৰ অগ্রণী আছিল। প্রধানমন্ত্ৰীয়ে তেওঁৰ দেহাৱসানক ব্যক্তিগত ক্ষতি বুলি অভিহিত কৰিছে। শ্রীমোদীয়ে এটা ব্লগযোগে কয় যে, কিছু বছৰ পূৰ্বে স্বামী আত্মস্থানন্দজীৰ মৃত্যু আৰু এতিয়া স্বামী স্মৰণানন্দজীৰ বিয়োগে ভালেসংখ্যক লোকক মর্মাহত কৰিছে। দুয়োগৰাকী সন্ত আধুনিক শিক্ষা, দক্ষতা আৰু মহিলা সবলীকৰণৰ প্ৰবল সমর্থক আছিল বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।