June 14, 2024 4:51 PM

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ ত্রিকোণাসন কৰি থকা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ

অহা ২১ জুনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্রিকোণাসন কৰি থকা এটা ভিডিঅ' সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ভিডিঅ'টোৰ যোগে এই আসন পর্যায়ক্রমে কেনেদৰে কৰিব লাগে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আসনবিধৰ উপকাৰিতা সম্পৰ্কে বৰ্ণনা কৰা হৈছে। ভিডিঅ'টি প্ৰচাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কান্ধ, পিঠি আৰু মনোযোগ বৃদ্ধিৰ বাবে ত্রিকোনাসনৰ অভ্যাস কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

June 13, 2024 8:37 PM

G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইটালীৰ অ’পুলিয়ালৈ ৰাওনা প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইটালীৰ অ’পুলিয়ালৈ বুলি ৰাওনা হৈছে। যাত্ৰাৰ পূৰ্বে দিয়া এটা বিবৃতিত শ্ৰী মোদীয়ে কয় যে, ভাৰত আৰু ইটালীৰ মাজৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলৰ মাজত থকা সহযোগিতা সুদৃঢ় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধ পৰিকৰ। শ্ৰী মোদীয়ে কয় যে, একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে তেওঁৰ প্ৰথমটো বিদেশ ভ্রমণ। তেওঁ কয় যে, যোৱা বছৰ ইটালীৰ প্ৰধানমন্ত্রী জিঅ'জিয়া মেলানিৰ ভা...

June 13, 2024 7:25 PM

ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধিৰ প্ৰতি দায়বদ্ধঃ মোডী

ভাৰতে ইটালীৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰি তোলাৰ লগতে ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধিৰ প্ৰতি দায়বদ্ধ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰিছে। কাইলৈ হবলগীয়া জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্রীয়ে এটা বিবৃতিত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে তৃতীয়টো শাসন কালত প্ৰথম বাৰৰ বাবে তেওঁ ইটালীলৈ ৰাওনা হ'ব। আনহাতে, ইটালীৰ প্ৰধানমন্ত্রী জর্জিয়া মেলনিৰ যোৱা বছৰত দুবাৰকৈ ভাৰত ভ্ৰমণে দেশখনৰ সৈতে ...

June 13, 2024 4:35 PM

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্রধানমন্ত্ৰী মোদী ইটালীলৈ বুলি ৰাওনা হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ বুলি ৰাওনা হ’ব। বিদেশ সচিব বিনয় কোৱাট্টাই কালি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত এই কথা প্রকাশ কৰে। তেওঁ কয় যে, ভাৰতক আউটৰীচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ হ’ব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীকোৱাট্টাই কয় যে, প্রধানমন্ত্ৰীৰ এই ভ্রমণে ভাৰত আৰু গ্লোৱেল চাউথৰূপে পৰিচিত ৰাষ্ট্ৰৰ সমূ...

June 12, 2024 12:25 PM

যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ প্রধানমন্ত্ৰী মোডীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনাইছে। অহা ২১ জুনত হ'বলগীয়া দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ এটা বার্তাযোগে প্রধানমন্ত্রীয়ে কয় যে যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলন। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বিশেষ কাৰ্যসূচীৰ হাতত লোৱা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা মোডী কা পৰিবাৰ বাক্যশাৰী আঁতৰ কৰিবলৈ জনসাধাৰণক অনুৰোধ জনাইছে। তেওঁ সাম...

June 1, 2024 1:14 PM

২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰে। এই তথ্যৰ পৰা ভাৰতীয় অর্থ ব্যৱস্থাৰ বিকাশ হাৰ যে আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে সেয়াও স্পষ্ট হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। সামাজিক মাধ্যম যোগে দেশৰ জনসাধাৰণক ধন্যবাদ জনাই শ্রীমোদীয়ে কয় যে, ২০২৩-২৪ বৰ্ষৰ বাবে ৮.২ শতাংশৰ বিকাশ হাৰে ভাৰত যে, গোলকীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ অর্থ ব্যৱস্থাসমূহৰ ভিতৰত সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থ...

May 31, 2024 8:13 PM

স্বামী বিবেকানন্দ স্মাৰক শিলাত প্ৰধানমন্ত্ৰী মোদীৰ ৪৫ ঘণ্টীয়া ধ্যানৰ দ্বিতীয় দিন

বিজেপিৰ জ্যেষ্ঠ নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি স্বামী বিবেকানন্দ স্মাৰক শিলাত ৪৫ ঘণ্টীয়া ধ্যানৰ দ্বিতীয় দিন। শ্রীমোদী কালি কন্যাকুমাৰীত উপস্থিত হয় আৰু ধ্যানত বহাৰ পূৰ্বে ভাগৱতী আম্মা মন্দিৰত সেৱা জনায়। শ্ৰীমোদীয়ে গেৰুৱা বস্ত্ৰ পৰিধান কৰি ধ্যানত বহা পৰিলক্ষিত হৈছে। ১৮৯২ চনত স্বামী বিবেকান্দই ধ্যান কৰা শিলাত ৭৩ বছৰীয়া নেতাগৰাকীয়ে ধ্যান কৰিছে। শ্রীমোদীয়ে আজি পুৱাৰ ভাগত সূৰ্য্যক অৰ্ঘ্য দিয়া পৰম্পৰাও পালন কৰে। ভাৰতৰ দক্ষিণ প্ৰান্তৰ বংগোপসাগৰ, আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰৰ সংগমস্থল কন...

May 28, 2024 4:23 PM

পাপুৱা নিউগিনিত ভূমিস্খলনৰ ফলত কেইবাজনো লোক নিহত হোৱাক লৈ প্রধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাপুৱা নিউগিনিত সংঘটিত হোৱা ভয়াৱহ ভূমি স্খলনৰ ফলত কেইবাজনো লোক নিহত হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰী মোদীয়ে কৈছে যে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ ভাৰতে সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনাৰ বাবে প্ৰাৰ্থনা জনাইছে। ভাৰতে সম্ভৱপৰ সকলো সহায় আৰু সহযোগিতা আগবঢ়াবলৈ সাজু হৈ আছে বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে।

May 25, 2024 5:06 PM

বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্রিক ৰাজনীতি কৰা বুলি তীব্র সমালোচনা মোদীৰ

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী জোঁট ইণ্ডিয়াৰ দলসমূহক অত্যন্ত সুবিধাবাদী আৰু পৰিয়ালতান্ত্রিক দলৰ সমষ্টি হিচাপে অভিহিত কৰিছে। বিহাৰৰ পাতলিপুত্ৰ সংসদীয় সমষ্টিৰ বিক্ৰামত এখন জনসভাত ভাষণ দি শ্ৰী মোদীয়ে বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্রিক ৰাজনীতি কৰা বুলি তীব্র সমালোচনা কৰে। তেওঁ কয় যে, কংগ্ৰেছ, সমাজবাদী পার্টী, নেচনেল কনফাৰেন্স, জে ডি, এন চি পি আৰু আপৰ দৰে সুবিধাবাদী দলসমূহে প্রধানমন্ত্ৰীৰ পদবীক মিউজিকেল চেয়াৰত পৰিণত কৰিব বিচাৰ...

May 23, 2024 6:51 PM

২০২৪ চনৰ নিৰ্বাচনত বিকশিত ভাৰত মূল বিষয় হিচাপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত দুৰ্নীতি আৰু ২০১৯ চনত হিতাধিকাৰী মূল বিষয় হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে ২০২৪ চনৰ নিৰ্বাচনত বিকশিত ভাৰত মূল বিষয় হিচাপে পৰিগণিত হৈছে। এখন ইংৰাজী দৈনিক কাকতত দিয়া এটা সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ জনসাধাৰণে এইবাৰৰ নিৰ্বাচনটোক এটা গুৰুত্বপূৰ্ণ নির্বাচন বুলি অনুধাৱন কৰিছে। এই নির্বাচনটোৱে দেশখনৰ আশা-আকাংক্ষাৰ সমানুপাতিক গতিৰে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাটো নিশ্চিত কৰিব বুলি ভোটদাতাসকলে বুজিব পা...