August 24, 2024 9:17 PM
পোলেণ্ড-ইউক্রেইনৰ ভ্ৰমণ সামৰি স্বদেশলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ড আৰু ইউক্রেইনৰ সফল ভ্ৰমণ সামৰি আজি দুপৰীয়া স্বদেশলৈ উভতি আহে। এই ভ্রমণকালত প্রধানমন্ত্ৰীয়ে পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কৰ সৈতে ৱাৰশ্ব’ত আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ সম্পৰ্কক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে লগতে এখন সুস্থিৰ, সমৃদ্ধিশালী আৰু বহনক্ষম বিশ্বৰ বাবে দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে। প্ৰধানমন্ত্রীদ্বয়ে ইউক্রেইন আৰু পশ্চিম এছিয়াৰ সংঘৰ্ষসহ প...