June 10, 2024 6:04 PM

প্রধানমন্ত্ৰী হিচাপে শপতগ্রহণ লোৱা উপলক্ষে বিশ্বৰ নেতাসকলে জনোৱা শুভেচ্ছা বার্তাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদ জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে শপতগ্রহণ লোৱা উপলক্ষে বিশ্বৰ নেতাসকলে তেওঁলৈ জনোৱা শুভেচ্ছা বার্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন ট্রুডেয়েও কৈছে যে, দুয়োখন দেশৰ জনসাধাৰণৰ মাজত মানৱাধিকাৰ, বৈচিত্ৰতা আৰু আইনৰ শাসনৰ ওপৰত আধাৰিত সম্পৰ্ক আগুৱাই নিয়াৰ বাবে কাম কৰিবলৈ কানাডা সাজু। কানাডাৰ প্ৰধানমন্ত্ৰীক দিয়া এটা উত্তৰত প্ৰধানমন্ত্রী মোদীয়ে কয় যে, ভাৰত কানাডাৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু পৰস্পৰৰ চিন...

June 9, 2024 8:38 PM

দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ এন ডি এৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীৰ

এন ডি এৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে। নতুন দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁক শপত বাক্য পাঠ কৰোৱায়। নতুন কেন্দ্রীয় কেবিনেটৰ মন্ত্ৰীসকলেও কাৰ্য্যালয় আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰী, ডº এছ জয়শংকৰ, পীয়ুষ গোৱেল, ধর্মেন্দ্ৰ প্ৰধান, ৰাজ্যসভাৰ সাংসদ জে পি নাড্ডা আৰু নিৰ্মলা সীতাৰমণ, মধ্য প্ৰদেশৰ পূৰ্বৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, হাৰিয়...

June 9, 2024 7:37 PM

শপতগ্ৰহণৰ পূৰ্বে মহাত্মা গান্ধী আৰু অটল বিহাৰী বাজপেয়ীৰ সমাধিত নৰেন্দ্ৰ মোদীৰ শ্রদ্ধার্ঘ নিবেদন

তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পূৰ্বে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি পুৱা দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধী আৰু সদৈৱ অটল উদ্যানত থকা প্ৰাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সমাধিত শ্রদ্ধার্ঘ নিবেদন কৰে। ইয়াৰ পিছত তেওঁ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকতো পুস্প মাল্য তৰ্পন কৰে। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে, মহাত্মাৰ সেৱা আৰু সমাজ কল্যাণৰ প্রতি অদম্য দায়বদ্ধতাই দেশবাসীক এখন উন্নত সমাজ গঢ়াৰ দিশত পথ প্ৰদৰ্শন কৰি আছে। আনহাতে, অটল বিহাৰী বাজপেয়ীৰ দূৰ...

June 8, 2024 2:46 PM

প্রধানমন্ত্ৰী মোদীক অভিনন্দন টেছলা আৰু স্পেছ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কৰ

টেছলা আৰু স্পেছ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদীৰ অভিনন্দন জনাইছে। এক্স হেণ্ডেলত শ্ৰী মাস্কে কয় যে, তেওঁৰ কোম্পানীয়ে ভাৰতত বিনিয়োগৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে। তেওঁ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনায়।

June 8, 2024 1:29 PM

বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছেঃ ধনখড়

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। ৰাজ্যসভাৰ ইনটান শ্বীপ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ১৯৬২ চনত শেষবাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহেৰুৱে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কয় যে, সংসদ, গণতন্ত্ৰৰ মন্দিৰ, আলাপ-আলোচনা, তৰ্কৰ স্থান। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, যেতিয়াই তেওঁলোকৰ সন্দেহ হয় তেতিয়াই ভাৰতীয় সংবিধানৰ সহায় ল'ব লাগে।

June 8, 2024 1:22 PM

দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণ

প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ সন্ধিয়া ৭.১৫ মিনিটত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰাব। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত এন ডি এ-ৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু নৰেন্দ্ৰ মোদীক বিজেপি সংসদীয় দলৰ নেতা বাছনি কৰা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰদান কৰে।...

June 7, 2024 8:10 PM

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জীৱনটো আম্বেদকাৰ প্ৰণোদিত সংবিধানৰ মহান প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰখাৰ নামত উৎসর্গিত বুলি মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ জীৱনৰ প্ৰতিটো ক্ষণ ড° বাবাচাহেব আম্বেদকাৰ প্ৰণোদিত সংবিধানৰ মহান প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰখাৰ নামত উৎসর্গিত। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে আজি কয় যে একমাত্ৰ সংবিধানৰ বাবে তেওঁৰ নিচিনা দুখীয়া আৰু অনগ্ৰসৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এজন লোকেও দেশৰ প্ৰতি সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে সংবিধানে দেশৰ কোটি কোটি জনসাধাৰণক আশা, শক্তি আৰু মৰ্যাদা প্ৰদান কৰিছে।

June 7, 2024 7:00 PM

চৰকাৰে বিগত দশকত শিক্ষা খণ্ডৰ গুণগত পৰিৱৰ্তনৰ দিশত গুৰুত্ব আৰোপ কৰিছিল বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে তেওঁৰ চৰকাৰে বিগত দশকত শিক্ষা খণ্ডৰ গুণগত পৰিৱৰ্তনৰ দিশত গুৰুত্ব আৰোপ কৰিছিল। কিউএছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙত জি-১ -২০ দেশসমূহৰ ভিতৰত বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ভাৰতে সৰ্বাধিক বৃদ্ধি পঞ্জীয়ন কৰাৰ পিছতে তেওঁৰ এই বক্তব্য প্ৰকাশ পাইছে। এই ক্ষেত্ৰত ভাৰতৰ বৃদ্ধিৰ হাৰ হৈছে ৩১৮ শতাংশ। এটা ছচিয়েল মিডিয়া পোষ্টত, প্রধানমন্ত্ৰীয়ে ছাত্র-ছাত্রী, অধ্যাপক আৰু প্রতিষ্ঠানসমূহক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে প্ৰশংসা কৰে। তেওঁ তৃতীয় কাৰ্যকালত গৱ...

June 6, 2024 8:52 PM

ৰাষ্ট্ৰপতি ভৱনৰ পৰা হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰ্য্যালোচনা

নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে শপত লোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনৰ পৰা হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্য্যালোচনা চলোৱা হয়। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজু, প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্য্যবাহী বিষয়া গৌৰৱ দ্বিবেদী, আকাশবাণীৰ সঞ্চালক প্রধান মৌচুমী চক্ৰৱৰ্তী, দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্ৰসাদকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ বিষয়াই আজি শপত গ্রহণ অনুষ্ঠানৰ সম্প্ৰচাৰ সন্দৰ্ভত পৰ্য্যালোচনা চলায়। উল্লেখযোগ্য যে, এন ডি এৰ সদস্যসক...

June 6, 2024 8:31 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। উল্লেখযোগ্য যে লোকসভাৰ ৫৪৩ খন আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা অর্থাৎ এন ডি এই ২৯৩ খন আসন লাভ কৰি তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ দিশে আগবাঢ়িছে। কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ লগতে মন্ত্ৰীসভাৰ সদস্যসকলৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক দাখিল কৰিছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰি প্রধানমন্ত্ৰীগৰাকীক নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত কাৰ্যভাৰ চলাই নিবলৈ আহ্ব...