July 15, 2024 9:47 AM

সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী মোদীৰ অনুগামীৰ সংখ্যা ১০ কোটি অতিক্ৰম

■ সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰিছে। যোৱা তিনিটা বছৰত প্ৰধানমন্ত্ৰীৰ অনুগামীৰ সংখ্যা প্রায় ৩ কোটি বৃদ্ধি পাইছে। ইয়াৰ ফলত শ্রীমোদী এক্সত বিশ্বৰ সৰ্বাধিক অনুসৰণ কৰা নেতা হিচাপে পৰিগণিত হৈছে। অনুগামীৰ সংখ্যাৰ দিশৰ পৰা প্ৰধানমন্ত্রী মোদী ৩ কোটি ৪১ লাখ অনুগামী থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনকে ধৰি বিশ্বৰ আন নেতাসকলতকৈ বহু আগত আছে। অনুগামীৰ সংখ্যা ১০ কোটি পাৰ হোৱাৰ পাছত শ্ৰীমোদীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত এই মাধ্যমত থাকি নিজেই সুখ...

July 14, 2024 12:15 PM

বিগত ৩-৪ বছৰত ৮ কোটি নতুন কর্ম সংস্থাপন সৃষ্টি হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিগত ৩-৪ বছৰত ৮ কোটি নতুন কর্ম সংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত কৰ্ম সংস্থাপনহীনতাৰ বিষয়ে অপপ্ৰচাৰ চলোৱাসকলৰ মুখ বন্ধ হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইত কর্মসংস্থাপন সম্পর্কীয় এখন প্ৰতিবেদনৰ উদ্ধৃতি দি শ্রীমোদীয়ে কয় যে, দেশত দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ আৱশ্যকতা আছে আৰু চৰকাৰে এই দিশত কাম কৰি আছে। মুম্বাইৰ গোৰেগাঁৱত কালি ২৯ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে পথ, ৰে'লৱে আৰু বন্দৰ খণ্ডৰ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি শ্ৰীমোদীয়ে এইদৰে ...

July 14, 2024 12:11 PM

সংবাদ মাধ্যমে জনকল্যাণকাৰী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিতঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সংবাদ মাধ্যমে জনকল্যাণকাৰী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিত। পৰিৱেশ সংৰক্ষণৰ বাবে আৰম্ভ কৰা এজোপা গছ মাতৃৰ নামত উদ্যমৰ উদাহৰণ দি শ্রীমোদীয়ে কয় যে, গোলকীয় পৰ্যায়ত এই উদ্যমৰ ভূয়ষী প্ৰশংসা কৰা হৈছে। সংবাদ মাধ্যমে এই উদ্যমক গণ আন্দোলনত পৰিণত কৰাত সহায় কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। পৰৱৰ্তী ২৫ বছৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ যাত্ৰাত বাতৰিকাকত আৰু আলোচনীসমূহৰ ভূমিকাত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে, সংবাদমাধ্যমে জনসাধাৰণক ত...

July 11, 2024 8:57 PM

বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে দিল্লীত প্রধানমন্ত্রী মোদীৰ মত-বিনিময়

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে নতুন দিল্লীত মত-বিনিময় কৰে। শ্ৰীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ গ্রহণ কৰে। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলো এই বৈঠকত উপস্থিত থাকে। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰি আৰু অন্য সদস্যসকলেও অংশ লয়। উল্লেখযোগ্য যে, সংসদৰ বাজেট অধিবেশন ২২ জুলাইত আৰম্ভ হ'ব আৰু ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰ...

July 11, 2024 10:15 AM

অষ্ট্ৰিয়া ভ্রমণক ঐতিহাসিক আৰু যথেষ্ট ফলপ্রসূ বুলি অভিহিত প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অষ্ট্ৰিয়া ভ্রমণক ঐতিহাসিক আৰু যথেষ্ট ফলপ্রসূ বুলি অভিহিত কৰিছে। তেওঁ লগতে এই ভ্রমণে দুয়ো দেশৰ মাজৰ বন্ধুত্ব এনাজৰী অধিক সুদৃঢ় কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ ভিয়েনাত ভিন ভিন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই সুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে চেন্সেলৰ কাৰ্ল নেহমৰ, অষ্ট্ৰিয়াৰ চৰকাৰ আৰু জনসাধাৰণক তেওঁলোকৰ মৰম আৰু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ ভিয়েনাত চেন্সেলৰ নেহমৰৰ সৈতে হোৱা আলোচনাৰ অন্তত প্রধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু অষ্ট্ৰিয়াই দুয়ো দেশৰ মাজৰ দ...

July 11, 2024 10:12 AM

দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে মত-বিনিময় কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে মত-বিনিময় কৰিব। শ্রীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ পৰা দিহা-পৰামৰ্শ ল'ব। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰত বিশেষজ্ঞসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰি আৰু অন্য সদস্যসকলেও ভাগ ল'ব। সংসদৰ বাজেট অধিবেশন ২২ জুলাইত আৰম্ভ হ'ব আৰু ২৩ জুলাইত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব। এয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখ...

July 10, 2024 2:38 PM

ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত শ্ৰী মোদীয়ে তেওঁক আদৰণি জনোৱাৰ বাবে শ্রী নেহাম্মেৰক ধন্যবাদ জনোৱাৰ লগতে অনাগত সময়ত ভাৰত আৰু অষ্ট্ৰিয়াৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পর্ক অধিক শক্তিশালী হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। একে সময়তে সমগ্ৰ বিশ্বৰ কল্যাণৰ হকে সহযোগিতাৰে কাম কৰাৰ উদ্দেশ্যে উভয় পক্ষৰ মাজত হ'বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই থকা বুলিও শ্রী মোদীয়ে লগতে প্রকাশ কৰে। আনহাতে, অষ্ট্ৰিয়াৰ চেঞ্চেলৰ...

July 10, 2024 12:30 PM

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দুয়োখন দেশে ভিন ভিন ক্ষেত্ৰত সহযোগিতাৰ বাবে ৯খন চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন, মানচিত্র বিজ্ঞান, ধ্রুৱীয় গৱেষণা, বিনিয়োগ, বাণিজ্য আৰু ভেষজ অন্যতম। নতুন দিল্লী আৰু মস্কো মহলে লগতে প্ৰসাৰ ভাৰতী আৰু টিভি ন'ৱষ্টিৰ মাজত প্ৰচাৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। মস্কোত কালি সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত বিদেশ সচিব বিনয় মোহন কোৱাট্টাই কয় যে প...

July 10, 2024 11:55 AM

প্ৰধানমন্ত্ৰী মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান

ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শ্রীমোদীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মান আগবঢ়োৱা হৈছে। দুদিনীয়া ভ্রমণসূচীৰে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্রী মোদীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত কালি বিয়লি ৰাছিয়াৰ...

July 8, 2024 8:35 PM

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মস্কোত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া আৰু অষ্ট্ৰিয়াৰ তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি মস্কোত উপস্থিত হৈছে। মস্কো বিমানবন্দৰত শ্ৰীমোদীক সম্ভাষণ জনোৱা হয়। দেশখনৰ প্ৰথমজন উপ প্রধানমন্ত্রী ডেনিছ মণ্টুৰোভে প্রধানমন্ত্রী মোদীক আদৰণি জনায়। ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমী পুটিনে দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সহযোগিতা, শিক্ষা, সংস্কৃতি, পৰ্যটন আৰু পৰস্পৰৰ মাজৰ বিনিময় আদি দ্বিপাক্ষিক বিষয়সমূহ সন্দৰ্ভত পর্যালো...