August 5, 2024 12:10 PM

দেশৰ অভিলেখ গেছ উৎপাদনক উন্নত ভাৰতৰ লক্ষ্যৰ পদক্ষেপ বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নত ভাৰতৰ সংকল্পত উপনীত হ'বলৈ দেশৰ শক্তিখণ্ডত আত্মনিৰ্ভৰশীলতা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে। দেশৰ অভিলেখ গেছ উৎপাদনক উন্নত ভাৰতৰ লক্ষ্যৰ এটা পদক্ষেপ বুলি তেওঁ অভিহিত কৰে। এই সাফল্যৰ বাবে প্রধানমন্ত্ৰীগৰাকীয়ে দেশ-বাসীক অভিনন্দন জ্ঞাপন কৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রী মোদীয়ে এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০-২১ বৰ্ষত দেশৰ গেছ উৎপাদন ২৮ দশমিক ৭ বিলিয়ন...

August 2, 2024 5:13 PM

আন্তঃৰাষ্ট্ৰীয় কৃষি অর্থনীতিবিদ সন্মিলন কাইলৈ প্রধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় কৃষি অর্থনীতিবিদ সন্মিলন কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। শ্রীমোদীয়ে এই সভাত ভাষণ দিব। এই ত্ৰি-বাৰ্ষিক সন্মিলনৰ চলিত মাহৰ ৭ তাৰিখে সামৰণি পৰিব। এই সন্মিলনৰ বিষয়বস্তু হৈছে – বহনক্ষম খাদ্য ব্যৱস্থাৰ ৰূপান্তৰ।

August 1, 2024 5:05 PM

প্ৰধানমন্ত্ৰী মোদী আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন ছিনৰ মাজত দ্বিপাক্ষিক বৈঠক অব্যাহত

নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন ছিনৰ মাজত দ্বিপাক্ষিক বৈঠক অব্যাহত আছে। এই বৈঠকৰ পাছত উভয় ৰাষ্ট্ৰৰ সহমতত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। আজি পুৱা নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱন চৌহদত অভ্যাগত প্রধানমন্ত্ৰীগৰাকীৰ সন্মানার্থে এটি অভ্যর্থনাৰ আয়োজন কৰা হয়। প্রধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত তেওঁক সাক্ষাৎ কৰে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিস্থলত পুষ্পার্ঘ্য নিবেদন কৰে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰীগৰাকী...

July 25, 2024 5:44 PM

২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কাইলৈ কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কাইলৈ কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব। তেওঁ কৰ্তব্যৰ সময়ত সৰ্বোচ্চ ত্যাগ কৰা সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব। শ্ৰী মোদীয়ে ভার্চুৱেলি শ্বিনকুন্ লা সুৰংগ প্ৰকল্পৰ শুভাৰম্ভ কৰিব। ৪.১ কিলোমিটাৰজোৰা এই সুৰংগ প্ৰকল্প ৮০০ ফুট উচ্চতাত নিমু-পদুম-ডৰ্চাৰ পৰা লেহলৈ সকলো সময়তে উপযোগী হোৱাকৈ নিৰ্মাণ কৰা হ'ব। এই প্রকল্প সম্পূৰ্ণ হ'লে ই বিশ্বৰ ভিতৰতে আটাইতকৈ উচ্চত নির্মিত সুৰংগৰূপে চিহ্নিত হ'ব। শ্বিনকুন্ লা সুৰংগই কেৱল যে সৈনিকসকলৰ অস্ত...

July 22, 2024 5:35 PM

কেন্দ্ৰীয় বাজেটে দেশৰ পৰৱৰ্তী ৫ বছৰৰ কাৰ্যকলাপৰ বাবে দিশ নিৰ্ণয় কৰিব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কাইলৈ দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটে দেশৰ পৰৱৰ্তী ৫ বছৰৰ কাৰ্যকলাপৰ বাবে দিশ নিৰ্ণয় কৰাৰ লগতে ২০৪৭ বৰ্ষৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱ ৰূপ দিবৰ বাবে ভেটি প্রস্তুত কৰিব। আজি সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ ভৱনৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী মোদীয়ে কয় যে লোকসভাৰ শেহতীয়া নিৰ্বাচনত দেশৰ জনসাধাৰণে তেওঁলোকৰ ৰায় দান কৰে আৰু এতিয়াৰেপৰা পৰৱৰ্তী ৫ বছৰৰ বাবে সকলো ৰাজনৈতিক দলেই একেলগে কাম কৰাটো অপৰিহাৰ্য হৈ পৰিল। বিৰোধী দলসমূহে নিজৰ বি...

July 20, 2024 8:05 PM

প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮,৬০০ কোটি টকাৰ ঋণ বিতৰণ হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কৈছে যে, প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮ হাজাৰ ৬০০ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে। নতুন দিল্লীত আজি ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধীকৰণে আয়োজন কৰা পদপথৰ খাদ্য ব্যৱসায়ীসকলৰ প্ৰশিক্ষণ আৰু সজাগতা অনুষ্ঠানত পদপথৰ খাদ্য ব্যৱসায়ীসকলৰ বাবে খাদ্য সুৰক্ষা প'ৰ্টেল আৰু নাতি-নীৰ্দেশনা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশিক্ষণ আৰু দক্ষতাৰ বিকাশৰ জৰিয়ত...

July 20, 2024 8:02 PM

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে টেলিফোনযোগে প্রধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই অনাগত সময়ত দ্বিপাক্ষিক সহযোগিতাক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। দুয়ো পক্ষৰ মাজৰ শেহতীয়া যোগাযোগৰ ফলত সৃষ্টি হোৱা গতিৰ বিষয়ে আলোকপাত কৰি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক আগবঢ়াই নিয়াৰ বাবে সহমত প্ৰকাশ কৰে। এই ক্ষেত্ৰসমূহ হৈছে–বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা, পশুপালন, ফার্মাচিউটিকেল, শিক্ষা, মহাকাশ আদি। প্রধানমন্ত্র...

July 20, 2024 6:23 PM

২৮ জুলাইত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰবৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে সমাজৰ সংস্কাৰৰ লক্ষ্যৰে ভালেসংখ্যক যুৱক-যুৱতীয়ে সমূহীয়া প্ৰচেষ্টাত আলোকপাত কৰা দেখা পাই তেওঁ সুখী হৈছে। শ্রীমোদীয়ে জনসাধাৰণক মাই গভ, নমো এপযোগে দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে। তেওঁ লগতে ১৮০...

July 16, 2024 1:21 PM

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত বিগত ৪টা বছৰত ক্ষতিগ্ৰস্ত কৃষকক এক লাখ ৬০ হাজাৰ কোটি টকা পৰিশোধ

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত বিগত ৪টা বছৰত দেশৰ ক্ষতিগ্ৰস্ত কৃষকক এক লাখ ৬০ হাজাৰ কোটি টকা পৰিশোধ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এই তথ্য প্রকাশ কৰি খেতিয়কসকলক ফচল বীমা আঁচনিৰ সৈতে জড়িত হ'বলৈ আহ্বান জনাইছে। এই ক্ষেত্ৰত সংশ্লিষ্ট কৃষকসকলে ব্যৱহাৰ কৰিব পৰা হেল্পলাইন নম্বৰটো হ'ল- 14447। মন্ত্ৰালয়ে প্রকাশ কৰা মতে আঁচনিখন আৰম্ভ কৰাৰে পৰা ৬২ কোটি গৰাকীতকৈও অধিক সংখ্যক কৃষকৰ পৰা আবেদন লাভ কৰাৰ বিপৰীতে ১৯ কোটি ৬৭ লাখতকৈও অধিক কৃষকলৈ ফচলৰ ক্ষতিপূৰণৰ ধন বিতৰণ কৰা হৈছ...

July 16, 2024 12:07 PM

প্রধানমন্ত্রী মোদীক সাক্ষাৎ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ

■ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কালি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাজ্যপালগৰাকীয়ে শ্ৰী মোদীক ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। আলোচনাৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে বান পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ লগতে বানৰ প্ৰভাৱ কম কৰাৰ ক্ষেত্ৰত সহায়ৰ বাবে কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰক সদায় সহযোগিতা আগবঢ়াই আহিব বুলি প্ৰকাশ কৰিছে। শ্রী মোদীয়ে বানপীড়িত লোকসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহায়-সহযোগিতা আগবঢ়াব বুলিও শ্রী কাটাৰীয়াক আশ্বাস দি...