April 7, 2024 8:36 PM
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিমবংগৰ জলপাইগুৰিৰ ঝুমুৰত নির্বাচনী সভাত অংশগ্রহণ
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ জলপাইগুৰিৰ ঝুমুৰত এখন নির্বাচনী সভাত অংশগ্রহণ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰ উত্তৰ বংগৰ উন্নয়নৰ বাবে প্রতিশ্রুতিবদ্ধ। শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰাৰ পৰা বিৰত থাকি ৰাজ্যখনৰ জনসাধাৰণক বঞ্চিত কৰিছে বুলি তেওঁ অভিযোগ তোলে। শ্রী মোদীয়ে আই এন ডি আই মিত্ৰজোঁটৰ দেশক নেতৃত্ব দিয়াৰ কোনো পৰিকল্পনা নাই বুলিও সমালোচনা কৰে। তেওঁ কয় যে, উত্তৰ বংগলৈ অধিক পৰ্যটক তথা বিনিয়োগ আকর্ষণ কৰাৰ উদ্দেশ্যে জি-২...