May 9, 2024 5:17 PM

বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ মেট্ৰ’ পলিটান মৰান ম’ৰ এথানাছিয়াছ য়’হানৰ বিয়োগত প্রধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ মেট্ৰ’ পলিটান মৰান ম’ৰ এথানাছিয়াছ য়’হানৰ বিয়োগত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে, সমাজৰ প্ৰতি আগবঢ়োৱা সেৱা আৰু বঞ্চিত লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ প্ৰতি আৰোপ কৰি অহা গুৰুত্বৰ বাবেই তেওঁ চিৰস্মৰণীয় হৈ ৰ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মেট্রপলিটান য়'হানৰ পৰিয়াল আৰু বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিছে।

May 8, 2024 8:20 PM

বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাৰ বিপৰীতে কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক শাসনৰ ওপৰত গুৰুত্ব দিয়েঃ মোদী

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্ৰাৰ্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্ৰথম নীতিৰ বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্তব্য কৰে। তেওঁ ৱাৰাংগল লোকসভা সমষ্টিৰ এখন জনসভ...

May 11, 2024 12:35 PM

ভাৰত প্ৰতিৰক্ষা সামগ্রী আমদানীকাৰী এখন দেশৰ পৰা এনে সামগ্ৰী ৰপ্তানীকাৰী দেশলৈ ৰূপান্তৰিত হৈছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, বিগত ১০টা বছৰত এন ডি এ চৰকাৰৰ সফলতাসমূহৰ কৃতিত্ব জনসাধাৰণক প্ৰদান কৰিছে। তেওঁ কয় যে, জনসাধাৰণে তেওঁক প্ৰদান কৰা ভোটৰ জৰিয়তে দেশ প্ৰতিৰক্ষা সামগ্রী আমদানীকাৰী এখন দেশৰ পৰা এনে সামগ্ৰী ৰপ্তানীকাৰী দেশলৈ ৰূপান্তৰিত হৈছে। কাশ্মীৰৰ পৰা ৩৭০ নম্বৰ দফা বাতিলৰ লগতে এনেধৰণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত জনসাধাৰণে ভোটদানৰ জৰিয়তে দলটোৰ প্ৰতি দেখুওৱা আস্থাৰ বাবেহে সম্ভৱ হৈ উঠে বুলিও তেওঁ কয়। কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্রার্থী তথা বিজেপিৰ সাধাৰণ স...

May 6, 2024 8:30 PM

বিজেপি দল শাসনলৈ আহিলে ওড়িশাৰ সৰ্বাঙ্গীন প্রগতি নিশ্চিত বুলিও প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিজেপি দলে সদায়ে সু-শাসনত গুৰুত্ব আৰোপ কৰি আহিছে। আজি ওড়িশাৰ গঞ্জম জিলাৰ বেৰহামপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত‍ কানিশিত এখন জনসভাক সম্বোধন কৰি শ্ৰীমোদীয়ে এইদৰে কয়। তেওঁ লগতে উত্তৰ প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু ছট্টিশগড়ৰ উদাহৰণ দি কয় যে এই ৰাজ্যসমূহত বিজেপি শাসনলৈ উভতি অহাৰ পাছত সামগ্রিকভাৱে যথেষ্ট উন্নতি সাধন হৈছে। বিজেপি দল শাসনলৈ আহিলে ওড়িশাৰ সৰ্বাঙ্গীন প্রগতি নিশ্চিত বুলিও শ্রীমোদীয়ে লগতে কয়। ওড়িশাৰ নৱৰংপুৰ জিলাৰ ছিকিলি খেলপথাৰত...

May 6, 2024 11:54 AM

নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ভূৱনেশ্বৰত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

◊ জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কালি নিশা ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। তাত তেওঁ দলৰ লোকসভা আৰু বিধানসভাৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। প্রধানমন্ত্ৰীয়ে কালি ওড়িশাৰ ৰাজভৱনত নৈশ যাপন কৰে। বিজেপিৰ নেতা-কৰ্মী তথা অন্যান্য লোকসকলে তেওঁক বিমান বন্দৰত আদৰণি জনায়। শ্ৰীমোদীয়ে আজি ৰাজ্যখনৰ গঞ্জম জিলাৰ গোপালপুৰ বিধানসভা সমষ্টিৰ অধীনৰ কানিচিত এখন জনসভাক সম্বোধন কৰিব। তেওঁ লগতে নৱৰংপুৰ জিলাৰ ছিকিলি খেলপথাৰত আন এখন সভাত অংশ ল'ব। লোকসভা আৰু বিধানসভা নিৰ...

May 3, 2024 12:16 PM

২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯ চনত সেই আশাসমূহ আস্থাত পৰিণত হৈছেঃ মোদী

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোডীয়ে কৈছে যে ২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯ চনত সেই আশাসমূহ আস্থাত পৰিণত হৈছে। তেওঁ কয় যে আশাৰ পৰা আৰম্ভ হৈ ই আস্থাৰ পৰ্যায় অতিক্ৰমী নিশ্চয়তাত পৰিণত হৈছে। এটা নিউজ চেনেলত দিয়া সাক্ষাৎকাৰত শ্ৰীমোডীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কঠোৰ পৰিশ্ৰম, প্ৰদৰ্শন, স্থায়ীত্ব আৰু স্পষ্টতাৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। Read More :  লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন  গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰ...

April 26, 2024 12:02 PM

বিহাৰৰ আৰাৰিয়া আৰু মুংগেৰত প্রধানমন্ত্রীৰ আজি দুখন নির্বাচনী সভা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ আৰাৰিয়া আৰু মুংগেৰত এন ডি এ প্রার্থীৰ হকে দুখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইয়াৰে প্ৰথমখন সভা আৰাৰিয়াৰ ফৰ্বেছগঞ্জ বিমানবন্দৰ গ্ৰাউণ্ডত আয়োজন কৰা হৈছে। পাছত তেওঁ মুংগেৰ সমষ্টিৰ ছফিয়াচৰাই বিমানবন্দৰ গ্রাউণ্ডৰ দ্বিতীয়খন সভাত ভাগ ল'ব। প্রধানমন্ত্রীৰ কাৰ্যসূচীলৈ চাই বাজ্যখনত কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।

April 23, 2024 6:20 PM

হনুমান জয়ন্তী উপলক্ষে দেশবাসীক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওলগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হনুমান জয়ন্তী উপলক্ষে দেশবাসীক ওলগ জনাইছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে ভগৱান হনুমানক স্মৰণ কৰি কৈছে যে সকলো ৰাম ভক্তৰ বাবে পৱন পুত্ৰৰ নিষ্ঠা সদায় অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। তেওঁ লগতে ভগৱান হনুমানৰ আশিষে বিকশিত ভাৰতৰ সংকল্পত নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্রকাশ কৰে।

April 23, 2024 5:37 PM

উচ্চ শিক্ষাৰ ক্ষেত্ৰত শেহতীয়া বিশ্ব বাছনি তালিকাত ভাৰতৰ প্ৰদৰ্শন উৎসাহজনক : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্বাব্বেৰেলী ছাইমণ্ডছ, Qs নামৰ ব্ৰিটেইনৰ প্ৰতিষ্ঠানটোৰ উচ্চ শিক্ষা সম্পৰ্কীয় শেহতীয়া বিশ্ব বাছনি তালিকাত ভাৰতৰ প্ৰদৰ্শন উৎসাহজনক বুলি অভিহিত কৰিছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে দেশৰ যুৱ শক্তিৰ হিতার্থে ভৱিষ্যতে গুণগত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব। চৰকাৰে গৱেষণা, শিকণ আৰু উদ্ভাৱনৰ ব্যাপক গুৰুত্ব আৰোপ কৰিছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে লগতে QS ৰ মুখ্য কাৰ্যবাহী বিষয়া নুন্‌জিঅ' ক্বাক্বেৰেলীক সাক্ষাৎ‍ কৰে। শ্ৰী ক্বাকেৰেলীয়ে পৰ...

April 21, 2024 8:19 PM

দেশক উন্নয়নৰ শিখৰত আৰোহণ কৰোৱাৰ উদ্দেশ্যে মই কাম কৰি আহিছোঃ নৰেন্দ্ৰ মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, তেওঁ দেশক উন্নয়নৰ শিখৰত আৰোহণ কৰোৱাৰ উদ্দেশ্যে কাম কৰি আহিছে। ৰাজস্থানৰ জালোৰ লোকসভা সমষ্টিত আজি আয়োজিত এটা নির্বাচনী সমাৱেশত ভাষণ প্ৰসংগত তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে বাসগৃহসমূহত শৌচাগাৰ নিৰ্মাণ তথা ৰন্ধন গেছৰ সংযোগকে ধৰি বিভিন্ন সুবিধা প্ৰদানৰ জৰিয়তে মহিলাসকলৰ জীৱন সুচল কৰি তুলিবলৈ নানা আঁচনি মুকলি কৰিছে। শ্রীমোদীয়ে কংগ্ৰেছক সুবিধাবাদী মিত্রজোঁট গঠন কৰা বুলি সমালোচনা কৰি কয় যে, এনে মিত্ৰজোঁটৰ হাতত দেশৰ শাসনভাৰ অৰ্পণ কৰা উচি...