August 24, 2024 9:19 PM
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ৰাজস্থানৰ যোধপুৰ ভ্ৰমণ কৰিব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ৰাজস্থানৰ যোধপুৰ ভ্ৰমণ কৰিব। শ্রী মোদীয়ে লাখপতি দিদি সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে জলগাঁৱলৈ যাব। এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত অলপতে লাখপতি হোৱা ১১ লাখ নতুন লাখপতি দিদিক তেওঁ সন্মান জনোৱাৰ লগতে প্ৰমাণপত্ৰ প্ৰদান কৰিব ৷ প্রধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ লাখপতি দিদিসকলৰ সৈতে মত বিনিময়ো কৰিব। শ্ৰী মোদীয়ে দুহেজাৰ ৫০০ কোটি টকাৰ পুঁজিও মুকলি কৰিব যাৰ দ্বাৰা আত্মসহায়ক গোটৰ ৪৮ লাখ সদস্য উপকৃত হ'ব। তেওঁ লগতে ৫ হাজাৰ কোটি টকাৰ বেংক ঋণো বিত...