August 4, 2024 11:18 AM

৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনত বিদেশী প্ৰতিনিধিসকলৰ ভাৰতৰ কৃষি সম্ভাৱনা আৰু ইয়াৰ সামগ্ৰিক বিকাশ গাঁথাৰ শলাগ

৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনৰ বিদেশী প্ৰতিনিধিসকলে ভাৰতৰ কৃষি সম্ভাৱনা আৰু ইয়াৰ সামগ্ৰিক বিকাশ গাঁথাৰ শলাগ লৈছে। ছদিনীয়া এই সন্মিলনত অংশগ্ৰহণ কৰা বিভিন্ন ৰাষ্ট্ৰৰ বিশিষ্ট প্রতিনিধিসকলে কৃষিখণ্ডত ভাৰতৰ সাফল্য আৰু উদ্ভাৱনসমূহৰ ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত এই সন্মিলন মুকলি কৰে। সন্মিলনত বিশ্বৰ ৭৫ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। বাংলাদেশৰ এগৰাকী প্ৰতিনিধি হাচিমে গোলকীয় কৃষি প্ৰেক্ষাপটত ভাৰতৰ স্থিতিৰ শলাগ লৈ কয় যে, ভাৰতে বহুতো কৃষিগত সামগ্ৰীৰ...

August 3, 2024 8:46 PM

বিশ্বৰ ভিতৰতে খাদ্য-সামগ্ৰী ৰাহি হোৱা দেশ হিচাপে পৰিগণিত ভাৰতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভাৰত বিশ্বৰ ভিতৰতে খাদ্য-সামগ্ৰী ৰাহি হোৱা দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে দেশখনৰ শক্তিশালী কৃষি খণ্ডৰ সহায়ত বিশ্বব্যাপি দেখা দিয়া ক্ষুধা আৰু পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ সমৰ্থ হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত ৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি অর্থনীতিবিদ সন্মিলনত দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। ৭৫ খন দেশৰ প্ৰতিনিধিয়ে অংশ লোৱা এই সন্মিলনত শ্রী মোদীয়ে লগতে কয় যে, ভাৰতৰ কৃষকসকলক উপকৃত কৰিব পৰাকৈ এহেজাৰ ৯০০ বিধৰো অধ...