June 19, 2024 8:36 PM
নালান্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত জ্ঞানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ৰাজগীৰত সুষমা স্বৰাজ প্ৰেক্ষাগৃহত নালান্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি অনুষ্ঠানত সমবেত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজক সম্বোধন কৰি দিয়া ভাষণত শ্রীমোদীয়ে কয় যে, দেশৰ জ্ঞান আৰু শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তুলি ভাৰতক বিশ্বৰ মহাশক্তিধৰ দেশৰ স্থানলৈ উন্নীত কৰিব পৰা যাব। প্রধানমন্ত্ৰীয়ে আজি নালন্দা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত এই চৌহদ উদ্বোধন কৰে। তেওঁ কয় যে...