September 26, 2024 9:18 PM

পুণেত পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটিং ছিষ্টেম আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেম মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়াৰ ভাগত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে পুণেত বতৰ আৰু জলবায়ু সম্পৰ্কীয় তিনিটা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটিং ছিষ্টেম আৰু এটা উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেম মুকলি কৰে। অনুষ্ঠানত শ্ৰী মোদীয়ে কয় যে, এই নতুন ছুপাৰ কম্পিউটাৰ আৰু এইচ পি চি ছিষ্টেমৰ প্ৰয়োগৰ জৰিয়তে, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কম্পিউটিং আৰু অন্বেষণৰ দিশত ভাৰতে আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত আজিৰ দিনটো ভাৰতৰ বাবে অন্যতম সফল...