September 23, 2024 3:21 PM

২০১৮ চনত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ আজি ৬ বছৰৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাখনে আজি ছবছৰৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা ছবছৰত এই অভিলাসী আঁচনিখনে লাখ লাখ লোকৰ জীৱন স্পৰ্শ কৰিছে আৰু আশা, নিৰাময়ৰ ক্ষেত্ৰত জীৱন ৰক্ষাকাৰী চিকিৎসা প্ৰদান কৰিছে। তেওঁ লগতে কয় যে আয়ুস্মান ভাৰতৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা যাত্ৰাই এটা জাতিৰ স্বাস্থ্য আৰু মংগল উন্নত কৰাৰ লক্ষ্যৰে একত্ৰিত হৈছে। শ্রী নাড্ডাই দুর্বল শ্ৰেণী...

September 17, 2024 8:27 PM

দেশ মহিলা, খেতিয়ক, যুৱ প্ৰজন্ম, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ সম অংশগ্ৰহণেৰে বিকশিত ভাৰত গঢ়াৰ দিশে ক্ষীপ্ৰ গতিত আগবাঢ়িছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশ মহিলা, খেতিয়ক, যুৱ প্ৰজন্ম, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ সম অংশগ্ৰহণেৰে বিকশিত ভাৰত গঢ়াৰ দিশে ক্ষীপ্ৰ গতিত অগ্ৰসৰ হৈছে। ওড়িয়াৰ ভূৱনেশ্বৰৰ জনতা ময়দানত আজি বিয়লি এখন সংবাদ মেলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ হৈছে আৰু এই সময়ছোৱাত ভালেমান প্ৰকল্প আৰু আঁচনি আৰম্ভ কৰা হৈছে। তেওঁ কয় যে, তৃতীয় কার্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত গৃহহীন লোকৰ বাবে ৩ কোটি পকী ঘৰৰ নিৰ্মাণ, ২৫ হাজ...

September 14, 2024 8:40 PM

কাইলৈ ঝাৰখণ্ডৰ জামছেদপুৰত ৬ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ঝাৰখণ্ডৰ জামছেদপুৰৰ টাটা নগৰ ৰে'লৱে ষ্টেচনৰ পৰা পতাকা জোকাৰি ৬ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই ৰে'লগাড়ীসমূহে ঝাৰখণ্ডক অন্য ৰাজ্যৰ সৈতে সংযুক্ত কৰিব। ৰে'ল নেটৱৰ্কৰ আধুনিকীকৰণ আৰু ঝাৰখণ্ড তথা চুবুৰীয়া ৰাজ্যসমূহৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা প্ৰয়াসৰ অংশ হিচাপে এই ৰে'লগাড়ীসমূহৰ যাত্ৰা শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত ঝাৰখণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰে'ল প্ৰকল্পৰ শুভাৰম্ভ কৰা হ'ব । ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বন্দে ভা...

September 14, 2024 8:38 PM

কাইলৈ জামছেদপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন হস্তান্তৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ জামছেদপুৰৰ এটা অনুষ্ঠানত ঝাৰখণ্ডৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন হস্তান্তৰ কৰিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কয় যে, প্রধানমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰায় ২০ হাজাৰ হিতাধিকাৰীৰ মাজত আৱণ্টন পত্ৰও বিতৰণ কৰিব। ইয়াৰ উপৰি ৫ কোটিৰো অধিক টকা এটা ক্লিকৰ জৰিয়তে হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ জৰিয়তে হস্তান্তৰ কৰা হ'ব। ৪৬ হাজাৰ হিতাধিকাৰীৰ নৱনিৰ্মিত বাসগৃহৰ গৃহ প্ৰৱেশ অন...

September 14, 2024 8:35 PM

জম্মু-কাশ্মীৰৰ দোদাৰ স্পৰ্টছ ষ্টেডিয়ামত এখন নির্বাচনী সভাক সম্বোধন প্ৰধানমন্ত্ৰীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ দোদাৰ স্পৰ্টছ ষ্টেডিয়ামত এখন নির্বাচনী সভাক সম্বোধন কৰে। শ্ৰী মোদীয়ে কয় যে, আমি একেলগে নিৰাপদ আৰু সমৃদ্ধিশালী জম্মু-কাশ্মীৰ গঢ়ি তুলিব লাগিব। তেওঁ কয় যে, এইবাৰৰ বিধানসভা নির্বাচনে কেন্দ্রীয় শাসিত অঞ্চলটোৰ ভৱিষ্যৎ নিৰুপণ কৰিব। শ্রী মোদীয়ে ভোটদাতাসকলক কয় যে, তেওঁলোকে ভৰষা কৰা ৰাজনৈতিক দলসমূহে তেওঁলোকৰ শিশুসকলক অৱহেলা কৰিছে আৰু নিজৰ পৰিয়ালৰ স্বাৰ্থহে সিদ্ধি কৰিছে। জম্মু-কাশ্মীৰ যুৱ প্ৰজন্ম সন্ন্যাসবাদৰ বিভিষিকাৰ বলী ...

September 14, 2024 7:17 PM

তিনিদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী কাইলৈ ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ যাব। প্ৰথমতে প্রধানমন্ত্ৰীগৰাকী কাইলৈ ঝাৰখণ্ডত উপস্থিত হ'ব। তাত টাটানগৰ জংচন ৰে'ল ষ্টেচনত তেওঁ ছখন বন্দে ভাৰত ৰে'লগাড়ীৰ পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে ৰাজ্যখনত ৬৬০ কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষ কেইবাটাও ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। টাটানগৰত তেওঁ প্ৰধানমন্ত্রী আবাস যোজনা গ্রামীনৰ ২০ হাজাৰ হিতাধিকাৰীক আবাসগৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰিব। সোমবাৰে প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব আৰু ...

September 14, 2024 2:44 PM

কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ যাব। প্ৰথমতে প্রধানমন্ত্ৰীগৰাকী কাইলৈ ঝাৰখণ্ডত উপস্থিত হ'ব। তাত টাটানগৰ জংচন ৰে'ল ষ্টেচনত তেওঁ ৬ খন বন্দে ভাৰত ৰে'লগাড়ীৰ পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে ৰাজ্যখনত ৬৬০ কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষ কেইবাটাও ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। টাটানগৰত তেওঁ প্ৰধানমন্ত্রী আবাস যোজনা গ্রামীনৰ ২০ হাজাৰ হিতাধিকাৰীক আবাসগৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰিব। সোমবাৰে প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব আৰু...

September 13, 2024 12:29 PM

ভাৰতবৰ্ষৰ দ্রুত বিকাশত বিমান পৰিবহন খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিমান পৰিবহন খণ্ডই ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চৰকাৰে এই খণ্ডৰ জৰিয়তে জনসাধাৰণ, সংস্কৃতি আৰু সমৃদ্ধিৰ সৈতে সংযুক্ত হোৱাৰ বাবে কাম কৰি আছে বুলিও শ্ৰী মোদীয়ে মন্তব্য কৰে। নতুন দিল্লীত কালি অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ সন্মিলনক সম্বোধন কৰি প্ৰধানমন্ত্রী গৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, মধ্যবিত্ত শ্ৰেণীৰ ভিতৰত পৰা লোকৰ বৰ্ধিত সংখ্যাৰ ফল...

September 12, 2024 8:14 PM

অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় সন্মিলনত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ বিমান পৰিবহন খণ্ড আমূল পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে আৰু ইয়াৰ ফলত জনসাধাৰণৰ বাবে যাত্ৰা সূচল হৈ পৰিছে আৰু যোগাযোগ ব্যৱস্থাও উন্নত হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে সন্মিলনত অংশগ্ৰহণ কৰা সদস্য ৰাষ্ট্ৰসমূহে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। এই ঘোষণাপত্র, অঞ্চলটোৰ বিমান পৰিবহন খণ্ডক নতুন শিখৰ...

September 12, 2024 8:11 PM

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে। কথোপকথনত শ্ৰী মোদীয়ে এই ক্রীড়া মহোৎসৱত পদক জয় কৰা আৰু অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জনায়। ভাৰতে এইবাৰৰ পেৰালিম্পিকত ৭টা সোণ, ৯টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদক লাভ কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ সমৰ্থ হৈছে। ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়া আৰু ভাৰতীয় পেৰালিম্পিক কমিতিৰ অধ্যক্ষ দেৱেন্দ্ৰ ঝাঝৰিয়াও এই কথোপকথনত উপস্থিত আছিল।