June 14, 2024 5:38 PM

ইটালীৰ অপুলীয়াত প্রধানমন্ত্ৰী মোডীয়ে G-7 আউটৰীচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইটালীৰ অপুলীয়াত হ'বলগীয়া G-7 আউটৰীচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্রীমোডী যোৱা নিশা ইটালীৰ প্ৰধানমন্ত্রী জিঅ'জিয়া মেল'নিৰ নিমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত হয়। ভাৰতবৰ্ষক এইবেলি জি-ছেভেন শীৰ্ষ সন্মিলনলৈ আউটৰীচ ৰাষ্ট্ৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি বিভিন্ন দেশৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধিৰ জয়ছৱালে সামাজিক মাধ্যমযোগে প্রকাশ কৰা দ...

June 12, 2024 8:04 PM

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কাইলৈ প্ৰধানমন্ত্ৰী ইটালীলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে হবলগীয়া জি-ছেভেন শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কাইলৈ ইটালীলৈ বুলি ৰাওনা হব। বিদেশ সচিব বিনয় কোৱাট্টাই আজি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতক আউটৰীচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্রী মোদীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ হ'ব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীকোৱাট্টাই কয় যে, প্রধানমন্ত্ৰীৰ এই ভ্রমণে ভাৰত আৰু গ্লোৱেল চাউথৰূপে পৰিচিত ৰাষ্ট...