July 5, 2024 6:35 PM
পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলটোৰে প্রধানমন্ত্ৰীৰ মত বিনিময়
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ সৈতে মত বিনিময় কৰি এই দলটোৱে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি গভীৰ আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে অলিম্পিক কেৱল জিকিবৰ বাবেই নহয় শিকিবলৈও এক ডাঙৰ মঞ্চ। সকলো অজুহাত তথা অভিযোগ আঁতৰাই ৰাখি আগবাঢ়ি যাবলৈ আৰু জয়ী হ'বলৈ দৃঢ় সংকল্প থাকিব লাগে। ক্ৰীড়াৰ ক্ষেত্ৰখনত অনুশীলন আৰু সময়ানুবর্তিতা গুৰুত্বৰ লগতে ভাল টোপনিৰ ওপৰতো গুৰুত্ব দিবলৈ শ্ৰীমোদীয়ে দৃঢ়তাৰে আহ্বান জনায়। তেওঁ কয় অলিম্পিক দক্ষতাৰ খেল। সেয়ে প্রতিভা, অনুশীলন আ...