July 6, 2024 12:15 PM

ব্ৰিটেইনৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰক প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কীৰ ষ্টাৰমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে, ব্ৰিটেইনৰ সৈতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰত সদায়েই আগ্রহী। দুয়োখন দেশৰ মাজত ইতিবাচক আৰু গঠনমূলক সহযোগিতাৰ বাবেও ভাৰত আগ্ৰহী বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে তেওঁৰ কাৰ্যকালত ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰাত সক্ৰিয় অৱদান আগবঢ়োৱা ৰিছি ছুন'ক'ৰ প্ৰতিও কৃতজ্ঞতা প্রকাশ কৰিছে। উল্লেখযোগ্য যে, ষ্টাৰমাৰ্কৰ এই জয়লাভৰ ফলত ব্ৰিটেইনত ...

June 6, 2024 11:48 AM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লোকসভা নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ অভিনন্দন

বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে লোকসভা নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দলক অভিনন্দন জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে প্রধানমন্ত্রী মোদী, এন ডি এ মিত্ৰজোঁট আৰু প্ৰায় ৬৫ কোটি ভোটদাতাক এই ঐতিহাসিক জয়ৰ বাবে ওলগ জনাইছে। শ্রীবাইডেনে সামাজিক মাধ্যম যোগে কয় যে, উমৈহতীয়া ভৱিষ্যতৰ অসীমিত সম্ভাৱনাৰ সদ্ব্যৱহাৰৰ বাবেই দুয়োখন দেশৰ মাজৰ বন্ধুত্ব ক্রমাৎ বৃদ্ধি পাইছে। প্রধানমন্ত্রী মোদীক ওলগ জনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্রী এণ্...