September 26, 2024 10:20 AM
প্ৰাক্তন বিধায়ক সূর্যকান্তা ব্যাসৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোকপ্ৰকাশ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজস্থানৰ সুৰসাগৰৰ প্ৰাক্তন বিধায়ক সূর্যকান্তা ব্যাসৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীমোদীয়ে কয় যে, জন কল্যাণমূলক কামৰ বাবে বিধায়কগৰাকী চিৰস্মৰণীয় হৈ ৰ'ব। শেহতীয়া যোধপুৰ ভ্ৰমণৰ সময়ত প্রয়াত ব্যাসে বিমান বন্দৰলৈ আহি প্রধানমন্ত্রীক আশীৰ্বাদ প্ৰদান কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে।