September 20, 2024 6:17 PM

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেল দুদিনীয়া ভ্ৰমণসূচীৰে লাউচ ভ্ৰমণ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি দুদিনীয়া ভ্ৰমণসূচীৰে লাউচলৈ যাব। তাত তেওঁ ২১ সংখ্যক আছিয়ান-ভাৰত অৰ্থনীতি মন্ত্ৰীসকলৰ বৈঠক আৰু দ্বাদশ পূব এছিয়া সন্মিলন অর্থনীতি মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুয়োখন বৈঠকত অংশ লোৱাৰ আপাহতে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহৰ বাণিজ্য মন্ত্ৰীসকলৰ সৈতে দ্বিপীক্ষিক বৈঠকত মিলিত হ'ব। শ্রী গোৱেলে লাউচৰ বাণিজ্য মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ লগতে কোৰিয়া, মালয়েছিয়া, ছুইজাৰলেণ্ড আৰু ম্যানমাৰৰ মন্ত্ৰীকেইগৰাকীক সাক্ষাৎ কৰিব। তেওঁ ...