September 7, 2024 12:47 PM

ব্যক্তিগত তথ্য বিচৰা প্ৰবঞ্চনামূলক ৱেবছাইটৰ বিৰুদ্ধে প্ৰেছ ইনফৰমেচন ব্যুৰোৰ সকিয়নি

প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষা গোটে অফিচিয়েল ৱেবছাইটৰ ৰূপত ব্যক্তিগত তথ্য বিচৰা প্ৰবঞ্চনামূলক ৱেবছাইটৰ বিৰুদ্ধে সকিয়নি দিছে। তথ্য পৰীক্ষা গোটে কৈছে যে, প্রবঞ্চনামূলক ৱেবছাইট "bsnltowerindia.com" এ প্ৰতাৰনামূলকভাৱে ফাইভ-জি টাৱাৰ স্থাপনৰ বাবে আবেদনৰ আমন্ত্ৰণ জনাইছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৱে কৈছে যে, আবেদনৰ ঠিকনা বি এছ এন এলৰ সৈতে সম্পর্কিত নহয়। সেয়েহে এনে সন্দেহজনক ৱেবছাইটত ব্যক্তিগত তথ্য প্ৰদান নকৰিবলৈ পি আই বিয়ে সকলোকে আহ্বান জনাইছে। বি এছ এন এলৰ অফিচিয়েল ৱেবছাইট হৈছে "bsnl.co.in" |

August 2, 2024 3:11 PM

প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ২০১৯ চনৰ পৰা বৰ্তমানলৈ মুঠ ৯,৯২২টা বাৰ্তাক ভুৱা বাতৰি হিচাপে চিহ্নিত কৰি উৎখাত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ২০১৯ চনৰ পৰা বৰ্তমানলৈ মুঠ ৯,৯২২টা বাৰ্তাক ভুৱা বাতৰি হিচাপে চিহ্নিত কৰি সেইবোৰ উৎখাত কৰিছে। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে আজি ৰাজ্যসভাত এটা পৰিপুৰক প্ৰশ্নৰ উত্তৰত এই কথা প্রকাশ কৰে। ২০১৯ চনত ব্যুৰোৰ তথ্য পৰীক্ষণ গোটটো প্ৰতিষ্ঠা কৰা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দিল্লীত স্থাপন কৰা এই গোটটোৰ আঞ্চলিক ভিত্তিৰ কোনো শাখা স্থাপন বিষয়ে সম্প্ৰতি পৰিকল্পনা কৰা হোৱা নাই। ভুৱা বাতৰি...

August 2, 2024 12:16 PM

কাইলৈ নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পি আই বি গুৱাহাটীৰ সহযোগত শ্ৰোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত কাইলৈ নিশা ৮.০২ মিনিটত শ্ৰোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। অনুষ্ঠানত ক্রীড়া সাংবাদিক সুসীম ঘোষ আৰু ত্ৰিদীপ বপৰৰ্নচ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। সেইদিনা পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাৰ বাবে প্ৰশ্ন সোধা হ'ব। কুইজ প্রতিযোগিতাৰ বাবে দৃষ্টিপাত অনুষ্ঠানৰ যোগেদি শ্ৰোতাসকলে উত্তৰ দিব পাৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

July 11, 2024 8:44 PM

প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু ছেণ্ট্ৰেল ব্যুৰ’ অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা ৩ দিনীয়াকৈ মাণ্ডলিক সন্মিলন অনুষ্ঠিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ প্ৰেছ ইনফৰমেচন ব্যুৰ' আৰু ছেণ্ট্ৰেল ব্যুৰ' অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা তিনিদিনীয়াকৈ এখন মাণ্ডলিক সন্মিলন অনুষ্ঠিত হৈছে। পি আই বি আৰু চি বি চিৰ বিষয়াসকলৰ বাবে আয়োজিত এই সন্মিলনৰ আজি দ্বিতীয়দিনা চি বি চিব গোটসমূহে বিভিন্ন স্থানত ৰূপায়ণ কৰা কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিবিপাড়ে কয় যে, এই সন্মিলনে বিভিন্ন ধাৰণা আৰু মতামতৰ প্ৰকাশৰ বাব...

June 25, 2024 8:45 PM

প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমাধ্যমৰ কৰ্মশালা

অহা ১ জুলাইৰ পৰা দেশত বলৱৎ হ'বলগীয়া নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূৰ্বাঞ্চল মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিৰিপাড়, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি অতিৰিক্ত সঞ্চালক প্রধান শ্রীগুপ্তাই কয় যে, নতুন তিনিখন আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় ন...