August 8, 2024 12:56 PM

views 1

লোকসভাত কালি বিত্ত বিধেয়ক ২০২৪ সংশোধন সহ গৃহীত

লোকসভাত কালি বিত্ত বিধেয়ক ২০২৪ সংশোধন সহ গৃহীত হয়। বিধেয়কখন গৃহীত হোৱাৰ লগে লগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱ কাৰ্যকৰী হৈ পৰিল আৰু বাজেট প্রক্রিয়াও সম্পূৰ্ণ হ'ল। বিধেয়কখন সন্দৰ্ভত লোকসভাত হোৱা আলোচনাৰ উত্তৰ দি বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কয় যে, কৰ আৰোপৰ ক্ষেত্ৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে কব আইন তথা প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে কর্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰা। তেওঁ কয় যে, চৰকাৰে বিগত দশকত কৰ প্...

August 6, 2024 8:30 PM

views 1

লোকসভাত বিত্ত বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা আৰম্ভ

লোকসভাত বিত্ত বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ ড০ অমৰ সিঙে এইবাৰৰ কেন্দ্ৰীয় বাজেটে অকল উচ্চ আয়ৰ গোটসমূহকে সকাহ প্ৰদান কৰা বুলি আৰু বাজেটত মধ্য আৰু নিম্ন আয়ৰ লোকৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে, দেশত কৃষি ক্ষেত্ৰৰ বিকাশ ক্ৰমাৎ হ্রাস পাইছে। তেওঁ লগতে কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ বিষয় লৈ চৰকাৰক প্ৰশ্ন উত্থাপন কৰে। অন্য এগৰাকী কংগ্ৰেছ সাংসদ দীপেন্দ্র হুদাই কয় যে, দেশত প্ৰত্যক্ষ বিদেশী বিনিয়োগ অবিৰতভাৱে হ্ৰাস পাইছে। সাংসদগৰাকীয়ে ...

July 29, 2024 7:55 PM

লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা

লোকসভাত আজিও ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জাতি পিয়ল অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কৃষকক উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য দিয়াৰ আইনী নিশ্চয়তা প্ৰদান কৰাৰ দাবী জনায়। তেওঁ কয় যে, এই সমর্থন মূল্যৰ ক্ষেত্ৰত আইনী নিশ্চয়তাই কৃষকসকলক নিশ্চিতভাৱে উপকৃত কৰিব। তেওঁ লগতে অগ্নিবীৰ আঁচনি সন্দৰ্ভতো প্রশ্ন তোলে। শ্ৰী গান্ধীয়ে ২০২৪-২৫ বৰ্ষৰ বাজেটে দেশৰ জনসংখ্যাৰ ৭৩ শতাংশ সামৰি লোৱা অনুসূচীত জাতি, অনুসূচীত জনজাত...

July 18, 2024 5:00 PM

অহা ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিবেশন আৰম্ভ হ’ব

সংসদৰ বাজেট অধিবেশন অহা ২২ জুলাইত আৰম্ভ হ'ব। এই অধিবেশনৰ ১২ আগষ্টত সামৰণি পৰিব। ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। বিত্ত মন্ত্ৰী সীতাৰমনে লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তৱৰ্তী বাজেট উত্থাপন কৰিছিল। এইবাৰৰ বাজেটে দেশৰ দ্ৰুত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব পৰাকৈ বিভিন্ন সুবিধা নিশ্চিত কৰাৰ লগতে অধিক নিয়োগৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পৰৱৰ্তী ৫টা বছৰ ভাৰতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰ...

July 6, 2024 7:00 PM

অহা ২২ জুলাইত সংসদৰ বাজেট অধিবেশন

সংসদৰ বাজেট অধিবেশন অহা ২২ জুলাইত আৰম্ভ হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে এই অধিবেশনৰ ১২ আগষ্টত সামৰণি পৰিব। ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। শ্ৰীৰিজিজুৱে কয় যে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শমৰ্মে সংসদৰ বাজেট অধিবেশনৰ বাবে দুয়োখন সদনক আহ্বান জনোৱা প্ৰস্তাৱত অনুমোদন জনাইছে। বিত্ত মন্ত্রী সীতাৰমনে লোকসভা নিৰ্বাচনৰ পূর্বে অন্তৱৰ্তী বাজেট উত্থাপ...

June 28, 2024 8:14 PM

সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত আজি নীট পৰীক্ষাৰ বিষয় লৈ বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ মাজত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰম্ভ হয়। এই আলোচনাৰ বাবে মুঠ ২১ ঘণ্টা আবণ্টন কৰা হৈছে। আলোচনাৰ পাতনি মেলি বিজেপিৰ সুধাংশু ত্রিবেদীয়ে চৰকাৰে বিগত ১০ বছৰত লাভ কৰা সাফল্যৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, ভাৰতে ব্ৰিটেইনক চেৰ পেলাই ইতিমধ্যে বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। চৰকা...

June 25, 2024 8:44 PM

অষ্টাদশ লোকসভাত যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সমান্তৰাল ভাৱে কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা অন্তর্ভূক্ত হৈছে

অষ্টাদশ লোকসভাত যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সমান্তৰাল ভাৱে কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা অন্তর্ভূক্ত হোৱাৰ ফলত এইবাৰ নিম্নসদন জ্ঞান আৰু অভিজ্ঞতাৰ সমন্বয় ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি বিপ্লৱ কুমাৰ দেৱ, বাসৱ ৰাজ বুম্মাই, শিৱৰাজ সিং সৌহান, মনোহৰ লাল, এইচ ডি কুমাৰাস্বামীকে ধৰি কেইবাগৰাকীও প্রাক্তন মুখ্যমন্ত্ৰী এইবাৰ লোকসভালৈ নিৰ্বাচিত হৈছে। তদুপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ লগতে আন কেইবাগৰাকীও প্রাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা যু...

June 8, 2024 1:30 PM

বুধবাৰে এন চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব

তেলেগু দেশম পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি এন চন্দ্ৰবাবু নাইডুৱে অহা বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। বিজয়ৱাড়াৰ সমীপত আয়োজিত শপতগ্রহণ অনুষ্ঠানত এন ডি এৰ ভালে কেইগৰাকী জ্যেষ্ঠ নেতা আৰু চুবুৰীয়া ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থকাৰ সম্ভাৱনা আছে। এন ডি এ মিত্ৰজোঁটৰ সহযোগী দল তেলেগু দেশম পার্টি, জনসেনা আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত ১৭৫ খন আসনৰ ভিতৰত ১৬৪ খনতে জয় লাভ কৰিছে।

May 28, 2024 8:06 PM

বিদায়ী সপ্তদশ লোকসভা মহিলা সংৰক্ষণ বিধেয়ক, ৩ তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাবঃ ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে, বিদায়ী সপ্তদশ লোকসভা মহিলা সংৰক্ষণ বিধেয়ক, ৩ তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাব। নতুন দিল্লীত আজি আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবিৰলাই নিজৰ ৫ বছৰীয়া কাৰ্যকালৰ কথা স্মৰণ কৰি কয় যে, এই বিধেয়কসমূহে দেশক আগুৱাই লৈ যাব আৰু ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিব। তেওঁ কয় যে, সপ্তদশ লোকসভাৰ সময়ছোৱাত হোৱা আলোচনা আৰু বিতৰ্কই ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ বাবে বিশদ পৰিকল্পনা হিচাপে কাম কৰিব । লোকসভাৰ অধ্য...