September 8, 2024 9:12 PM

পেৰিছ পেৰালিম্পিকৰ আজি নিশা সামৰণি

পেৰিছ পেৰালিম্পিকৰ আজি নিশা সামৰণি পৰিব। ভাৰতে এইবাৰৰ সংস্কৰণত ৭ টা সোণ, ৯ টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদকেৰে ষষ্ঠদশ স্থান লাভ কৰিছে। পেৰা অলিম্পিকৰ ইতিহাসত এয়া ভাৰতৰ সর্বশ্রেষ্ঠ প্ৰদৰ্শন। আৰ্ছাৰিত সোণৰ পদক অৰ্জন কৰা হৰবিন্দৰ সিং আৰু দৌৰবিদ প্রীতি পালে সামৰণি অনুষ্ঠানত দেশৰ পতাকা বহন কৰিব। উল্লেখযোগ্য যে কালি দশম দিনা ভাৰতৰ হৈ নদীপ সিঙে পুৰুষৰ জেভলিন থ্ৰ'ৰ এফ- 41 শিতানত সোণৰ পদক অৰ্জন কৰে। এই শিতানত অনুচিত আচৰণৰ বাবে ইৰাণৰ খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাৰ পাছত নদীপে প্রথম স্থান লাভ কৰে। আ...

September 7, 2024 9:16 PM

পেৰালিম্পিকত শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ নাগালেণ্ড চৰকাৰৰ ১.৫ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা

নাগালেণ্ড চৰকাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ এফ ফিফটি ছেভেন শিতানৰ শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ ডেৰ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই সামাজিক মাধ্যম এক্সযোগে কৈছে যে, হোকাটো হোটোজে চেমাই পেৰিছ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো ৰাজ্যৰ বাবে গৌৰৱৰ বিষয়। ৰাজ্য চৰকাৰে অৰ্জুন বঁটাৰ বাবে খেলুৱৈগৰাকীৰ নাম মনোনীত কৰিব বুলি তেওঁ প্ৰকাশ কৰে।

September 7, 2024 8:03 PM

পেৰিছ-পেৰালিম্পিকত ভাৰতৰ বৰ্তমানলৈকে ২৭টা পদক লাভেৰে বৰ্তমানলৈকে সৰ্বাধিক পদক লাভৰ গৌৰৱ অৰ্জন

ভাৰতে পেৰিছ-পেৰালিম্পিকত বৰ্তমানলৈকে ২৭টা পদক লাভ কৰি এতিয়ালৈ অলিম্পিকৰ একেটা সংস্কৰণতে সৰ্বাধিক পদক লাভ কৰাৰ গৌৰৱ অৰ্জন কৰিছে। ইয়াৰে ৬টা সোণ, ৯টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক। হাই জাম্পাৰ প্ৰবীণ কুমাৰ, টাৰ অৱনি লেখৰা, জেৱলিন গ্ল'ৱাৰ ছুমীট অণ্টিল, আৰ্চাৰ হৰবিন্দ সিং, বেডমিণ্টন তাৰকা নীতেশ কুমাৰ আৰু ক্লাৱ থ্ৰ'ৱাৰ ধৰ্মবীৰ নেইন আদিয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। সোণৰ পদক বিজয়ী আৰ্চাৰ হৰবিন্দ সিং আৰু স্ত্ৰীণ্টাৰ পৃথ্বী পালে পেৰালিম্পিকত পদক লাভ কৰাৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰিছে আৰু তেওঁলোকে কাইলৈ সামৰ...

September 6, 2024 8:43 PM

পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পৰ টি ছিক্সটি ফ’ৰ শিতানত ভাৰতৰ প্রবীণ কুমাৰৰ সোণৰ পদক অৰ্জন

ভাৰতৰ প্রবীণ কুমাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পৰ টি ছিক্সটি ফ'ৰ শিতানত সোণৰ পদক অৰ্জন কৰিছে। প্রবীণে আজি ফাইনেলত ২ দশমিক ০-৮ মিটাৰৰ নতুন অভিলেখেৰে শীৰ্ষ স্থান দখল কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোছিডেন দেৰেকে ৰূপৰ আৰু উজবেকিস্তানৰ গিয়াজোভ টেমুৰবেকে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে বৰ্তমানলৈকে ছটা সোণ, ৯ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জসহ মুঠ ২৬ টা পদক লাভ কৰি প্রতিযোগিতাৰ পদক তালিকাৰ চতুৰ্দশ স্থানত আছে। প্রতিযোগিতাৰ আজি নৱম দিনা ভাৰতীয় খেলুৱৈসকল বিভিন্ন শিতানত পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। ইয়াৰ ভিতৰত কস্তুৰী ৰ...

September 5, 2024 8:38 PM

পেৰিছ পেৰালিম্পিকত অষ্টম দিনত ভাৰতৰ পেৰা এথলিটসকলৰবিভিন্ন শিতানসমূহত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে

পেৰিছ পেৰালিম্পিকৰ আজি অষ্টম দিনা ভাৰতৰ পেৰা এথলিটসকলে শ্বুটিং, আৰ্চাৰী, এথলেটিক্‌ছ, পাৱাল লিফটিং আৰু জুড’ৰ বিভিন্ন শিতানসমূহত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰ্চাৰ হৰবিন্দ সিং আৰু পূজা কিছুসময়ৰ পাছত ৰিকাৰ্ভ শিতানৰ মিক্সড দলীয় শাখাৰ ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। খেলুৱৈ দুগৰাকীয়ে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে পেৰা পাৱাৰ লিফটাৰ অশোক নিশা প্ৰায় ১০ বাজি পাঁচ মিনিটত পুৰুষৰ ৬৫ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। পুৰুষৰ পেৰা জু...

September 4, 2024 7:50 PM

পেৰিছ পেৰালিম্পিকত ভাৰতৰ শ্বটপুট থ্ৰ’ৱাৰ শচীন খিলাৰীৰ ৰূপৰ পদক অৰ্জন

পেৰিছ পেৰালিম্পিকত ভাৰতৰ শ্বটপুট থ্ৰ'ৱাৰ শচীন খিলাৰীয়ে পুৰুষৰ শ্বটপুট এফ -46 ফাইনেলত ১৬ দশমিক ৩-২ মিটাৰ থ্ৰ'ৰে ৰূপৰ পদক লাভ কৰে। শুটিঙত ৰুদ্ৰাংশ খান্দেলৱাল আৰু নিহাল সিং মিক্সড ৫০ মিটাৰ পিষ্টল SH-11 ইভেণ্টত ব্যর্থ হয়। নিহালে ১৯নম্বৰ স্থান দখল কৰাৰ বিপৰীতে ৰুদ্ৰাংশে ২২ নম্বৰ স্থান দখল কৰে। পেৰা টেবল টেনিছত W S4 শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ ভাৱিনা পাৰ্টিল, চীনৰ ঝৌ য়িঙৰ হাতত ১৪–১২, ১১-৯, ৮-১১, ১১-৬ ব্যৱধানত পৰাজিত হয়। পাৱাৰ লিফটিঙত পৰমজিৎ পুৰুষৰ ৪৯ কিলোগ্রাম ওজন শাখাত অষ্টম স্থানত থমকি ৰয়। ৰা...