August 8, 2024 1:24 PM

নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব

যোৱাবাৰৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব। একেদৰে ভাৰতীয় পুৰুষ হকী দল আজি বিয়লি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনৰ সন্মুখীন হ'ব। মল্লযুদ্ধত বৰ্তি থকা একমাত্র পুৰুষ মল্লযোদ্ধা অমন শ্বেহবাৱাটৰ ওপৰতো ভাৰতীয় খেলপ্ৰেমীসকলৰ দৃষ্টি নিৱদ্ধ হৈ থাকিব। খেলুৱৈগৰাকী আজি বিয়লি পুৰুষৰ ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত অৱতীৰ্ণ হ'ব। আনহাতে মহিলা মল্লযোদ্ধা অঞ্চই ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত দেশক প্রতিনিধিত্ব কৰিব। ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটন...

August 7, 2024 8:03 PM

অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে

কেন্দ্রীয় খেল মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, ভাৰতীয় অলিম্পিক সংস্থাই পেৰিছ অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। লোকসভাত আজি নিজাববীয়াকৈ বিবৃতি দি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে ৱিনেশ ফোগতক সকলো ধৰণৰ সহায় আগবঢ়াইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে বিষয়টো লৈ ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি.টি. উষাৰ সৈতে ফোনযোগে কথা পাতিছে। ভাৰতীয় অলিম্পিক সংস্থাক...

August 6, 2024 9:17 PM

পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাই জেভলিন থ্ৰ’ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকত যোৱাবাৰৰ চেম্পিয়ন নীৰজ চোপ্ৰাই আজি পুৰুষৰ জেভলিন থ্ৰ'ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। একেটা ইভেন্টতে এছিয়ান গেমছত ৰূপক পদক লাভ কৰা কিশোৰ কুমাৰ জেনাই গ্রুপ-এৰ যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত ১৫ স্থানতে থমকি ৰ'বলগীয়া হয়। মল্লযুদ্ধত এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক বিজেতা ৱিনেশ ফোগাটে মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ইউক্রেইনৰ ওকছানা লিভাকক ৭-৫ত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে ফোগাটে প্রি-কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ছুছাকী য়ুইক ৩-২ ফলাফল...

August 4, 2024 11:25 AM

পেৰিছ অলিম্পিকত লাভলীনা বৰগোহাঁইৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ সন্মুখীন

পেৰিছ অলিম্পিকত আজি মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত টকি ' অলিম্পিকত পদক বিজেতা লাভলীনা বৰগোহাঁই চীনৰ লি কিয়ানৰ সন্মুখীন হ'ব। খেলখন বিয়লি ৩ বাজি ২ মিনিটত অনুষ্ঠিত হ'ব। আনহাতে, পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত লক্ষ্য সেন, ডেনমার্কৰ ভিক্টৰ এক্সেলছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৩ বজাত আৰম্ভ হ'ব। ভাৰতীয় পুৰুষ হকী দলেও আজি গ্রেট ব্ৰিটেইনৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। খেলখন দিনৰ ডেৰ বজাত আৰম্ভ হ'ব। শ্বুটিঙত কমনৱেলথ গেমছত সোণৰ ...

August 2, 2024 6:52 PM

পেৰিছ অলিম্পিকত আৰ্চাৰ অংকিতা ভকত আৰু ধীৰাজ বোম্মাদেবাৰা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকৰ সপ্তম দিনা আজি আৰ্চাৰ অংকিতা ভকত আৰু ধীৰাজ বোম্মাদেবাৰা দলীয় মিক্সড শিতানত ইণ্ডোনেছিয়াক ৫-১ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল খেল খেলাৰ যোগ্যতা অৰ্জন কৰে। পুৰুষৰ হকীত ভাৰতীয় দলে গ্রুপ পৰ্যায়ৰ শেষৰখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়াৰ্ধৰ খেলৰ শেষত ৩-১ গলত আগবাঢ়ি আছে। ইপিনে, শ্বুটিঙত দুটা অলিম্পিক পদক বিজেতা মনু ভাকৰে ২৫ মিটাৰ এয়াৰ পিষ্টল শিতানত ফাইনেলত প্ৰৱেশ কৰে। গল্ফত শুভংকৰ শৰ্মা আৰু গগনজিৎ ভাল্লাৰৰ প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে। আনহাতে ৰ'য়িঙত ভাৰতৰ একমাত্র প্রতিনিধি...

August 2, 2024 2:54 PM

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ উন্নীত হোৱা ভাৰতীয় দলটোৱে আজি বিয়লি ৪.৪৫ মিনিটত হ'বলগীয়া পুল মেটচত অংশগ্ৰহণ কৰিব। ভাৰতৰ হৈ শ্বুটিং, আৰ্চাৰী, বেডমিণ্টন, জুডো আৰু এথলেটিকছ শাখাত কেইবাগৰাকীও খেলুৱৈ আজি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। বেডমিণ্টনৰ পুৰুষৰ ছিংগলছ প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈ লক্ষ্য সেন আজি কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জুডোত মহিলাৰ ৭৮ কিলোগ্রাম উৰ্ধৰ ওজন শাখাৰ এখন খেলত তুলিকা ম...

July 5, 2024 12:55 PM

পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ সৈতে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, খেলুৱৈসকলে প্ৰতিযোগিতাত নিজৰ সৰ্বোচ্চ উজাৰি দিব আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি তেওঁ বিশ্বাসী। খেলুৱৈসকলৰ জীৱন কাহিনী আৰু সাফল্যই ১৪০ কোটি ভাৰতীয়ৰ প্ৰাণত আশাৰ সঞ্চাৰ কৰে বুলিও তেওঁ লগতে প্ৰকাশ কৰে।

May 11, 2024 4:47 PM

পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াৰ

ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াই পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অলিম্পিকত ভাগ লোৱাৰ বাবে তেওঁ পঞ্চমগৰাকী মহিলা মল্ল যুঁজাৰু হিচাপে পৰিগনিত হৈছে। ইস্তানবুলত কালি বিশ্ব অলিম্পিক যোগ্যতা নির্ণয়কাৰী ৬৮ কিলোগ্রাম শাখাৰ চেমিফাইনেল খেলত দাহিয়াই ৰোমানিয়াৰ আলেকজেণ্ডা আংঘেলক পৰাস্ত কৰে। যোৱা বছৰৰ এছিয়ান ছেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী নিশাই আংঘেলক ৮-৪ পইণ্টত পৰাস্ত কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে ৫ গৰাকী মহিলা মল্ল যুঁজাৰুৱে অলিম্পিকৰ প্ৰতিযোতাত ভাগ লোৱাৰ সুযোগ লাভ কৰিছে। অন্তিম পংঘল, বিন...