August 1, 2024 5:48 PM
পেৰিছ অলিম্পিকত পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্ৰী পজিছন শিতানত ভাৰতৰ স্বপ্নীল কুশালৰ ব্ৰঞ্জৰ পদক লাভ
পেৰিছ অলিম্পিকত আজিৰে পৰা এথলেটিক্ছ প্রতিযোগিতা অনুষ্ঠিত হৈছে। পেৰিছ অলিম্পিকত আজি ভাৰতৰ স্বপ্নীল কুশালে পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্ৰী পজিছন শিতানত লাভ কৰা ব্ৰঞ্জৰ পদকেৰে ভাৰতৰ মুঠ পদকৰ সংখ্যা ৩ লৈ বৃদ্ধি পালে। এই শিতানত কুশালে প্রথমগৰাকী ভাৰতীয় হিচাপে পদক জয় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। দুবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা নিখাট জাৰিনে মহিলাৰ বক্সিঙৰ ৫০ কিলোগ্রাম ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছৰ চেম্পিয়ন রু য়ুৰ বিৰুদ্ধে পৰাজয় বৰ...