July 14, 2024 12:30 PM

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান  অবৈধ বিবাহ গোচৰত দোষমুক্ত

পাকিস্তানৰ ৰাজধানী ইছলামাদৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ গোচৰত দোষমুক্ত ঘোষণা কৰিছে। আদালতখনে শ্রীখানৰ বিৰুদ্ধে থকা অনা ইছলামীয় বিবাহ সম্পৰ্কীয় অভিযোগ খাৰিজ কৰিছে। ইমৰান খানৰ বিবাহৰ আইনী বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কালি এইদৰে ৰায় দিয়ে। ন্যায়ালয়ে ফেব্ৰুৱাৰীত বুছৰা খানে পূৰ্বৰ বিবাহৰ পৰা বিচ্ছেদ আৰু ইমৰান খানৰ সৈতে বিবাহৰ মাজত আৱশ্যকীয় ব্যৱধানৰ নিয়ম পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে ইছলামীয় আইন অনুস...

July 13, 2024 8:55 PM

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ অভিযোগৰ পৰা দোষমুক্ত ঘোষণা

পাকিস্তানৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ অভিযোগৰ পৰা দোষমুক্ত বুলি ঘোষণা কৰিছে। ফেব্ৰুৱাৰীত পাকিস্তানৰ নিৰ্বাচনৰ কিছুদিন পূর্বে শ্ৰী খান আৰু তেওঁৰ পত্নী বুছৰা খানক অবৈধ বিবাহৰ অভিযোগত সাত বছৰ কাৰাদণ্ড বিহিছিল। সেই সময়ত আদালতে বুছৰা খানে পূৰ্বৰ বিবাহৰ পৰা বিবাহ বিচ্ছেদ আৰু ইমৰান খানৰ সৈতে বিবাহৰ মাজত আৱশ্যকীয় ব্যৱধানৰ নিয়ম পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে ইছলামীয় আইন অনুসৰি দোষী সাবস্ত কৰিছে। অৱশ্যে এই সপ্তাহত এখন আদালতে ২০২৩ চনত মে'ত নিজৰ সমৰ্থকৰ দ...