May 31, 2024 12:16 PM

ছিংগাপুৰ অ’পেন বেডমিণ্টন প্রতিযোগিতাত কোৱাৰ্টাৰ ফাইনেলত পিভি সিন্ধু কেৰ’লিনা মেৰিনৰ বিৰুদ্ধে পৰাস্ত

ভাৰতৰ তাৰকা খেলুৱৈ পিভি সিন্ধু কালি ছিংগাপুৰ অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কেৰ'লিনা মেৰিনৰ বিৰুদ্ধে পৰাস্ত হয়। এয়া হ'ল স্পেইনৰ প্ৰতিদ্বন্দী খেলুৱৈগৰাকীৰ বিৰুদ্ধে সিন্ধুৰ একেৰাহে ষষ্ঠ পৰাজয়। ইয়াৰ পূৰ্বে সিন্ধুৱে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ ২১ সংখ্যক স্থানৰ খেলিৱৈ হজমাৰ্ক কেয়াৰছফেল্ডক ২১-১২, ২২-২০ গেমত পৰাস্ত কৰিছিল।

May 30, 2024 5:38 PM

পি ভি সিন্ধু ছিংগাপুৰ অ’পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাত মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু ছিংগাপুৰ অ'পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডৰ খেলত সিন্ধুৱে বিশ্বক্ৰমৰ ২১ নম্বৰ স্থানৰ লিনে জায়েছফেল্ড ২১-১২, ২২-২০ গেমত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত লক্ষ্য সেন আৰু কিদাম্বি শ্রীকান্ত পৰাস্ত হয়। লক্ষ্য সেনৰ বিৰুদ্ধে বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ আৰু সাম্প্ৰতিক অলিম্পিক চেম্পিয়ন ভিক্টৰ এক্সেলচেনে ১৩-২১, ২১–১৬, ১৩–২১ গেমত বিজয় সাব্যস্ত কৰে। এয়া হ'ল দুয়োগৰাকী খেলু...

May 26, 2024 12:54 PM

পি ভি সিন্ধু মালয়েছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ

অলিম্পিকত পদক বিজেতা পি ভি সিন্ধু আজি কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত চীনৰ ঝি য়ি ৱাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় বেডমিন্টন খেলুৱৈগৰাকীয়ে কালি ছেমি ফাইনেলত থাইলেণ্ডৰ বুছানন অংবামৰাংফানক ১৩-২১, ২১ ১৬, ২১-১২ গেমত পৰাস্ত কৰে। আনহাতে বাঙে নিজ দেশৰে য়ি মেন ঝাঙক ২১-৯, ২১-১১ পোনপটীয়া গেমত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।

May 24, 2024 2:51 PM

পি ভি সিন্ধু মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়াৰ কোৱালালমপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দুবাৰকৈ অলিম্পিকৰ পদক জয়ী সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুইক ২১-১৩, ১৪-২১, ২১–১২ গেমত পৰাস্ত কৰে। অৱশ্যে মহিলাৰ ছিংগলছৰ আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা চলিহা চীনৰ ঝেং য়ি মেনৰ হাতত ১০-২১, ১৫-২১ গেমত পৰাজিত হয়। আনহাতে, ভাৰতৰ কিৰন জৰ্জ মালয়েছিয়াৰ জি জিয়ালিৰ হাতত ১৩-২১, ১৮-২১ গেমত পৰাজিত হৈ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাই...