September 18, 2024 7:37 PM

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কাইলৈ শুভাৰম্ভ

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কাইলৈ শুভাৰম্ভ কৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দিনৰ ১১ বজাত মাজুলীত এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। সমগ্র ৰাজ্যৰ লগতে গোলাঘাট জিলাতো কাইলৈ অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰম্ভ হ'ব। গোলাঘাট নগৰৰ জেনেৰেল ফিল্ডত শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি গোলাঘাট জিলা আয়ুক্ত গৰাকীয়ে কাইলৈ হ'বলগীয়া অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। আনহাতে কৰিমগঞ্জৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অৰুণোদয়...