June 4, 2024 9:06 PM

নিউ হাফলং-চন্দ্ৰনাথপুৰৰ ৰেলপথৰ ক্ষতিৰ বাবে ৫ জুনলৈকে কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল

ৰীমাল পৰৱৰ্তী প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত হোৱা বানপানীয়ে ১৩ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত কৰিছে। কাছাৰ জিলাত ৪ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কেইবাখনো জিলাৰ পথ, মথাউৰি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায...

May 28, 2024 7:41 PM

মিজোৰামত ভূমিস্খলনত ২৩ জন লোকৰ মৃত্যু

মিজোৰামত হোৱা ভূমিস্খলনৰ ফলত ২৩ জন লোকৰ মৃত্যু হৈছে। এটা শিলৰ কুৱেৰিৰ বাহিৰত হোৱা এই ভূমিস্খলনত মৃত্যু হোৱা ৯ জন ব্যক্তিৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। মৃতদেহকেইটাৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে।

May 17, 2024 5:24 PM

নগৰ সমিতি নিৰ্বাচনত অংশগ্ৰহণৰ পৰা বিৰত থকা সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ নাগালেণ্ড পিপলছ অর্গেনাইজেশ্যনক নগালেণ্ড কেবিনেটৰ আবেদন

নগালেণ্ডৰ কেবিনেটে পূব নাগালেণ্ড পিপলছ অর্গেনাইজেশ্যনক অহা ২৬ জুনত অনুষ্ঠিত হ'বলগীয়া স্থানীয় নগৰ সমিতি নিৰ্বাচনত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আবেদন জনাইছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা ৰাজ্যৰ মুখপাত্র কে জি কেনিয়ে কৈছে যে ৰাজ্যখনৰ কেবিনেটে পুনৰবাৰ ENPO আৰু ইয়াৰ অন্তৰ্গত সংস্থাসমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অনুষ্ঠিত হ'বলগীয়া স্থানীয় নগৰ সমিতি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

May 11, 2024 2:51 PM

দিল্লীত উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন হোৱা কাৰ্য বাহিনীৰ পঞ্চমখন বৈঠক সম্পন্ন

● উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন হোৱা কাৰ্য বাহিনীৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হৈ যায়। এই বৈঠকত পৰ্যটন বিকাশৰ বাবে সামর্থ বিকাশ, প্রশিক্ষণ নীতি, বিপণন আৰু প্ৰচাৰৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বৈঠকখনত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে। তদুপৰি বৈঠকত কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতিনিধি ভাৰতীয় উদ্যোগ সংঘ আৰু অন্যান্য ব্যক্তিগত খণ্ডৰ প্ৰতিনিধিও উপস্থিত থাকে।

May 6, 2024 1:32 PM

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বিভাগটোৱে অসম আৰু মেঘালয়ত আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ লগতে অৰুণাচল প্ৰদেশ, ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে অহা ৭ দিনলৈ পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে।

April 15, 2024 8:47 PM

১৯ এপ্রিলত প্রথম পৰ্যায়ত দেশৰ ১৭ খন ৰাজ্য আৰু চাৰিটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১০২ টা সংসদীয় সমষ্টিত নির্বাচন

অহা ১৯ এপ্রিলত প্রথম পৰ্যায়ত দেশৰ ১৭ খন ৰাজ্য আৰু চাৰিটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১০২ টা সংসদীয় সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত অসমৰ ৫ খন, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ দুখনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব । উল্লেখযোগ্য যে, সংশোধিত চূড়ান্ত ভোটদাতা তালিকা অনুসৰি অসমত ২ কোটি ৪৩ লাখতকৈ অধিক ভোটদাতা আছে। ইয়াৰে ১ কোটি ২১ লাখ ৭৯ হাজাৰতকৈ অধিক পুৰুষ আৰু ১ কোটি ২১ লাখতকৈ অধিক মহিলা ভোটদাতা। তদুপৰি ৪১৪ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ৰাজ্যখনত ৪ লাখ ৩৫ হাজাৰতকৈ অধিক নতুন ভোটদাতা আছে। ...

April 5, 2024 8:42 PM

মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগত পৰৱৰ্তী ৭ দিনত বিজুলী-ঢেৰেকণিৰে মজলীয়া বৰষুণ হ'ব পাৰে আৰু প্ৰতি ঘণ্টাত ৫০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে বতাহ বলিব পাৰে। ঝাৰখণ্ড আৰু ওড়িশাত কাইলৈ একেধৰণৰ বতৰ হ'ব পাৰে বুলি বিভাগে প্ৰকাশ কৰিছে। 

April 4, 2024 11:54 AM

views 1

আগন্তুক ৫ দিনত দেশৰ পূৱ আৰু উপদ্বীপ অঞ্চলসমূহত গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থকাৰ সম্ভাৱনা

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৫ দিনত দেশৰ পূৱ আৰু উপদ্বীপ অঞ্চলসমূহত গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত কৰ্ণাটকৰ উত্তৰ অংশৰ দুৰ্গম এলেকা, পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চল, ঝাৰখণ্ড, ওড়িশা, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলসমূহত গ্রীষ্ম প্রবাহ থকাৰ আশংকা আছে। বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৩ দিনত পূৱ ভাৰতৰ ভালেমান ঠাইত সর্বোচ্চ তাপমাত্রা ২ৰ পৰা ৩ ডিগ্রী ছেলচিয়াচ বৃদ্ধি পাব পাৰে বুলি পূর্বানুমান প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে উত্তৰ-পূৰ্বাঞ্চলত ...

April 3, 2024 2:01 PM

অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

♦ অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ দলে কালি দেশৰ অষ্টাদশ লোকসভা আৰু ৰাজ্যখনৰ একাদশ বিধানসভাৰ বাবে সমান্তৰালকৈ হ'বলগীয়া নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতি তথা অৰুণাচল পশ্চিম লোকসভা আসনৰ প্ৰাৰ্থী নবাম টুকি, প্রাক্তন সাংসদ তথা দলৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ তাকাম সঞ্জয়কে ধৰি অন্যান্য জ্যেষ্ঠ নেতাসকলে ইটানগৰত এই ইস্তাহাৰ উন্মোচন কৰে। ইস্তাহাৰত নিবনুৱা যুৱক-যুৱতীসকলক চাকৰিৰ নিশ্চয়তা প্ৰদান কৰা, সকলো চৰকাৰী প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ক আৱাসিক বিদ্যালয়লৈ উন্নী...

April 2, 2024 7:18 PM

চীনে অৰুণাচলৰ বহু ঠাইৰ নাম সলনি কৰা কাৰ্যক ভাৰতৰ গৰিহণা

♦ চীনে অৰুণাচল প্ৰদেশৰ ভালেমান ঠাইৰ নাম সলনি কৰা কাৰ্যক ভাৰতে গৰিহণা দিছে। বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কৈছে যে, এনেধৰণৰ মনেসজা নামে অৰুণাচল প্ৰদেশৰ বাস্তৱিকতা সলনি কৰিব নোৱাৰে। অৰুণাচল প্ৰদেশ সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল আৰু আগলৈও অভিন্ন অংগ হৈ থাকিব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। Read More News :  ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ১১২ জনীয়া প্রার্থী তালিকা প্রকাশ  অমৰনাথ যাত্ৰা-২০২৪ৰ প্ৰস্তুতিৰ বুজ ল’বলৈ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল ডুল্লুৰ বৈঠক  চীনে বাৰে বাবে নাম...