September 10, 2024 12:23 PM
যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ গুৰুত্ব প্ৰদান
উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। বিশেষকৈ মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে শেহতীয়াকৈ ‘মেৰী চহেলী’ নামৰ এটা সুকীয়া নিৰাপত্তা বাহিনীৰ গোট গঠন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই অলপতে এই কথা প্ৰকাশ কৰে। তেওঁলোকে জনোৱা মতে মহিলা ৰে'ল সুৰক্ষা বাহিনীৰ জোৱানেৰে গঠিত ১৫ টা ‘মেৰী চহেলী’ গোট বৰ্তমান উত্তৰ-পূব সংমণ্ডলৰ বিভিন্ন ষ্টেচনত নিয়োজিত হৈ আছে। আনহাতে, মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা মহিলা যাত্ৰীসকলক সুৰক্ষা প্ৰদানৰ বাবে উত্তৰ-পূব সীমান্...