September 24, 2024 11:48 AM
পাঁচদিনীয়া ভ্রমণসূচীৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উজবেকিস্তানলৈ ৰাওনা
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি পাঁচদিনীয়া ভ্রমণসূচীৰে উজবেকিস্তানলৈ ৰাওনা হ'ব। ভ্ৰমণৰ সময়চোৱাত বিত্তমন্ত্ৰীগৰাকীয়ে কাইলৈ আৰু বৃহস্পতিবাৰে চমৰকণ্ডত হ'বলগীয়া এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক-এ আই আই বিৰ পৰিচালকমণ্ডলীৰ নৱমখন বার্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। তেওঁ উভয় দেশৰ দ্বিপাক্ষিক বিনিয়োগ চুক্তিতো স্বাক্ষৰ কৰিব। ভ্ৰমণকালত বিত্তমন্ত্ৰীগৰাকীয়ে উজবেকিস্তান, কাটাৰ আৰু চীনৰ বিত্তমন্ত্ৰী তথা এ আই আই বিৰ অধ্যক্ষৰ সৈতে গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব। শ্রীমতী সীতাৰমণে উজবেকিস্তানৰ ...