July 28, 2024 8:08 PM
1
কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৰ্ণাটকলৈ কৰ হস্তান্তৰণ সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱা বাবে বিৰোধী তথা কৰ্ণাটক চৰকাৰক কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সমালোচনা
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৰ্ণাটকলৈ কৰ হস্তান্তৰ কৰা সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱাৰ বাবে বিৰোধী তথা কৰ্ণাটক ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। বেংগালুৰুত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে ইউ পি এ আৰু এন ডি এ চৰকাৰৰ সময়ছোৱাত কৰ্ণাটকলৈ দিয়া ধনৰ আৱণ্টনৰ তুলনামূলক তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে, ৰাজ্যখনে ২০০৪ চনৰ পৰা ২০১৪ চনৰ সময়ছোৱাত ৮১,৭৯১ কোটি টকা লাভ কৰিছে। ইয়াৰ বিপৰীতে ২০১৪ৰ পৰা ২০২৪ চনৰ এন ডি এ চৰকাৰৰ সময়ছোৱাত ৰাজ্যখনে পূৰ্বৰ ত...