August 3, 2024 8:55 PM

দিল্লীৰ ‘আশা কিৰণ’ আশ্ৰয় গৃহত এমাহত ১২জন লোকৰ মৃত্যুৰ বাতৰি সন্দৰ্ভত মুখ্য সচিব আৰু আৰক্ষী আয়ুক্তলৈ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ জাননী

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত আশা কিৰণ নামৰ আশ্ৰয় গৃহত এটা মাহৰ ভিতৰত ১২ জনকৈ লোকে প্ৰাণ হেৰুওৱা বুলি ওলোৱা বাতৰি সন্দৰ্ভত দিল্লীৰ মুখ্য সচিব আৰু আৰক্ষী আয়ুক্তলৈ জাননী জাৰি কৰিছে। সংবাদ মাধ্যমত প্রকাশিত বাতৰি সন্দৰ্ভত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি আয়োগে চাৰি সপ্তাহৰ ভিতৰত বিস্তৃত প্রতিবেদন বিচাৰিছে। একাংশ সংবাদ মাধ্যমত মাত্ৰাধিক লোকে আশ্ৰয় লৈ থকা আশ্রয় গৃহসমূহত মানৱ অধিকাৰৰ উলংঘন হোৱাৰ গুৰুতৰ বাতৰি প্ৰকাশ পোৱা আয়োগৰ দৃষ্টিগোচৰ হৈছে। আয়োগে কৈছে যে, কম দিনৰ ভি...